শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতে সঁচাকৈয়ে নিমিষাক বচাব পাৰিবনে ? মুখ খুলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে…

য়েমেনৰ কৰ্তৃপক্ষই নিমিষাৰ ফাঁচীৰ নিৰ্দেশ স্থগিত ৰাখিছে। কিন্তু তেওঁক এই শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব নে ভাৰতে? এতিয়ালৈকে ভাৰতে কি পদক্ষেপ গ্ৰহণ কৰিছে ?

ভাৰতে সঁচাকৈয়ে নিমিষাক বচাব পাৰিবনে ? মুখ খুলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে…
ৰণধীৰ জয়ছৱালImage Credit source: PTI
manas-borah
Manas Borah | Published: 18 Jul 2025 12:02 PM

নতুন দিল্লীক স্বীকৃতি নিদিয়ে য়েমেনে। নিমিষা গোচৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ প্ৰতিনিধি আৰ ভেংকটাৰমণে ঠিক এই কথাই কয়। সূত্ৰ খবৰ অনুসৰি, ভাৰতে য়েমেনৰ সৈতে যোগাযোগ কৰি লাভ নাই। যদি নিমিষাক মৃত্যুদণ্ডৰ পৰা বচাব লাগে তেন্তে ইয়াৰ বন্ধু দেশৰ সৈতে যোগাযোগ কৰিব লাগিব।

কোৱা হৈছে যে, ভাৰতে সেই কৌশলে গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে নতুন দিল্লীৰ চাউথ ব্লকে কয় যে, সেই দেশত য়েমেনৰ নাগৰিকক হত্যা কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহা নিমিছা প্ৰিয়াৰ গোচৰটো অতি স্পৰ্শকাতৰ। ভাৰত নিজৰ বন্ধু দেশৰ সৈতে যোগাযোগত আছে।

আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি এক সাপ্তাহিক প্ৰেছ বিবৃতিত কয় যে, কেন্দ্ৰই নিমিষা প্ৰিয়াক সকলো আইনী সাহায্য আগবঢ়াইছে। আনকি তেওঁৰ পৰিয়ালৰ সৈতেও যোগাযোগ ৰাখিছে। জয়ছোৱালৰ মতে, “এইটো এটা অতি স্পৰ্শকাতৰ গোচৰ। ইতিমধ্যে কেন্দ্ৰই নিমিষাক সহায় কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আনকি তেওঁৰ বাবে এজন অধিবক্তাও নিযুক্তি দিয়া হৈছে। আমি তেওঁক মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো।”

মন কৰিবলগীয়া যে, যদিও নিমিষাৰ মৃত্যুদণ্ড স্থগিত ৰখা হৈছে, তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সম্পূৰ্ণৰূপে ৰেহাই লাভ কৰিছে। নিমিষাৰ অধিবক্তা সুভাষ চন্দ্ৰনে কয় যে, ভাৰতৰ ‘গ্ৰেণ্ড মুফতি’ৰ মধ্যস্থতাত সঁচাকৈয়ে দুয়োটা দলৰ পৰিয়ালৰ মাজত আলোচনা হৈছে। নিমিষাক ক্ষমা নকৰে বুলি মৃতকৰ পৰিয়ালে স্পষ্ট কৰি দিছে। আনকি মৃতকৰ পৰিয়ালে তেজৰ ধন বা তেজৰ দাম গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰিছে। যাৰ বাবে নিমিষাই মৃত্যুদণ্ডৰ পৰা ৰেহাই পোৱাৰ পথ আৰু জটিল হৈ পৰিছে।

ভাৰতীয় নিমিষা প্ৰিয়াই ২০০৮ চনত কৰ্মসংস্থাপনৰ বাবে য়েমেনলৈ গৈছিল। ২০২০ চনত য়েমেনৰ এজন লোকক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল। এই মানুহজন আছিল নিমিষাৰ ব্যৱসায়িক সহযোগী। এই কাণ্ড ২০১৭ চনৰ জুলাই মাহত সংঘটিত হৈছিল। যাৰ বাবে য়েমেনৰ কৰ্তৃপক্ষই তেওঁক ফাঁচী দিয়াৰ নিৰ্দেশ দিয়ে।