শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সীমান্তত গোলকগঞ্জ আৰক্ষীৰ অভিযান, মৌলবাদী সংগঠনৰ নামত ভাবুকি দি অহাৰ অভিযোগত এজনক আটক…

ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক। লগতে যুৱকজনৰ ঘৰৰ পৰা এটা এয়াৰগান উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন জব্দ কৰিছে।

সীমান্তত গোলকগঞ্জ আৰক্ষীৰ অভিযান, মৌলবাদী সংগঠনৰ নামত ভাবুকি দি অহাৰ অভিযোগত এজনক আটক…
গোলকগঞ্জ আৰক্ষীৰ জালত সন্দেহজনক যুৱক
manas-borah
Manas Borah | Updated On: 24 Aug 2025 16:35 PM

মৌলবাদী সংগঠনৰ নামত বিভিন্ন জনক ভাবুকি দিয়াৰ অভিযোগ। বাংলাদেশৰ বিভিন্ন লোকৰ সৈতে যোগাযোগত আছিল যুৱকজন। খবৰ অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক। লগতে যুৱকজনৰ ঘৰৰ পৰা এটা এয়াৰগান উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন জব্দ কৰিছে।

জানিব পৰা মতে, গোলকগঞ্জ আৰক্ষীয়ে আটক কৰা যুৱকজন লক্ষীমাৰী নায়েৰছৰা গাঁৱৰ আলী হুচেইন বেপাৰী। বাংলদেশৰ মৌলবাদী সংগঠনৰ নাম লৈ বিভিন্ন জনক ভয়-ভাবুকি প্ৰদানৰ অভিযোগত আটক কৰা হৈছে যুৱকজনক। যুৱক জনৰ সৈতে বাংলাদেশৰ বিভিন্ন লোকৰ যোগাযোগ থকাৰ তথ্যও আৰক্ষীৰ লগতে বিএছ‌এফে লাভ কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি,ভাৰত-বাংলাদেশ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা ৰচিছিল যুৱকজনে। যুৱকজনৰ সৈতে আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। খবৰ অনুসৰি,দুদিন পুৰ্বে ভাৰত বাংলাদেশ সীমান্তৰ বহু লোকৰ মোবাইললৈ ভাবুকি ভৰা ভয়েছ মেছেজ, বাংলাদেশ জামাত ই ইছলামী সংগঠনৰ পতাকা আদি প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

সূত্ৰৰ খবৰ অনুসৰি, বাংলাদেশৰ কুখ্যাত জামাত ই ইছলামীৰ অতি ঘনিষ্ঠ আলী হুছেইন বেপাৰী। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন জনলৈ জামাত ই ইচলামীৰ ভাবুকি ভৰা মেছেজৰ আঁৰৰ ব্যক্তিজনেই এইজন দুৰ্ধৰ্ষ আলী হুছেইন বেপাৰী।

ভাৰত-বাংলা সীমান্তৱৰ্তী এলেকাৰ একাংশ লোকে বাংলাদেশৰ ছিম ব্যৱহাৰ কৰিও এই ভাবুকি প্ৰদান কৰাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে। বৰ্তমান এই সন্দৰ্ভত ধৃত আলী হুচেইন বেপাৰীক জেৰা অব্যাহত ৰাখিছে গোলকগঞ্জ আৰক্ষীয়ে।