শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা সাহিত্য সভাৰ আহ্বানলৈ, চাওক দিনটোৰ চৰ্চিত খবৰ

জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সৈতে জড়িত তিনি অভিযুক্তৰ বাসগৃহত আজি তদন্তকাৰী দলে চলায় তালাচী অভিযান। ৰাজ্যৰ এনে চৰ্চিত খবৰসমূহৰ লগতে দেশ তথা বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহক।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা সাহিত্য সভাৰ আহ্বানলৈ, চাওক দিনটোৰ চৰ্চিত খবৰ
দিনটোৰ চৰ্চিত খবৰ
monjit-dutta
Monjit Dutta | Updated On: 25 Sep 2025 21:54 PM

জুবিন গাৰ্গৰ অকাল মৃত্যুৱে এতিয়া শোকাহত কৰি ৰাখিছে ৰাজ্য এই গোচৰৰ তদন্ত অব্যাহত ৰখা হৈছে আজি তিনি অভিযুক্তৰ বাসগৃহত তদন্তকাৰী দলে চলায় তালাচী অভিযান ইফালে অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ এনে চৰ্চিত খবৰসমূহৰ লগতে দেশ তথা বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহক

  1. ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্য়ুৰ ঘটনা। ইতিমধ্যে আজি তদন্তকাৰী দলে আটক কৰিছে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক। জুবিন গাৰ্গৰ সৈতে সংঘটিত দুৰ্ঘটনাৰ সময়ত শেখৰ গোস্বামীও আছিল সেই স্থানত। ইফালে এতিয়াও সন্ধান নাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ।
  2. সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ আত্মগোপন সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। ৰাইজক অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে উৰা বাতৰিত কোনেও বিশ্বাস কৰিব নালাগে। অহা ১০-১৫ দিনৰ ভিতৰত সকলো কথা স্পষ্ট হৈ পৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। এছ আই টিৰ কামত জনতা সন্তুষ্ট নহ’লে তদন্তৰ দায়িত্ব চিবিআইক অপৰ্ন কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
  3. শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত চি আই ডিৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা পলাতক হৈ আছে দুয়োগৰাকী। ইফালে আজি এক অজ্ঞাত স্থানৰ পৰা ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্যামকানু মহন্তই। টি আৰ পিৰ আশাত সংবাদ মাধ্য়মে তেওঁক বদনামী কৰা বুলি মন্তব্য মহন্তৰ। আনহাতে একাংশ উত্তেজিত লোকে তেওঁৰ গুৱাহাটীৰ বাসগৃহৰ সমুখত প্ৰতিবাদ কৰা দেখা যায়।
  4. জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সমুখত উত্তপ্ত পৰিস্থিতি। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা পলাতক সিদ্ধাৰ্থক বিচাৰি ধীৰেণপাৰাস্থিত বাসগৃহ ঘেৰাও কৰে উত্তেজিত লোকে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰা ধন আত্মসাতলৈকে বিভিন্ন অভিযোগ উত্থাপন হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে।
  5. অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম সাহিত্যসভাৰ। ২০২৬ চনৰ ভিতৰত জুবিন গাৰ্গৰ সমগ্ৰ ৰচনাৱলী অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিওটা ভাষাত প্ৰকাশ পাব বুলি জনাইছে সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে।
  6. শ্যামকানু মহন্ত সন্দৰ্ভত তীৰ্যক মন্তব্য মুখ্যমন্ত্ৰীৰ। বিজতৰীয়া সাংস্কৃতিক অনুষ্ঠানহে শ্যামকানু মহন্তই প্ৰতিনিধিত্ব কৰে বুলি কয় ডঃ শৰ্মাই। তেওঁ লগতে কয় যে শ্যামকানু মহন্তক কোনো আৰ্থিক সাহায্য নিদিবলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰকো অনুৰোধ জনাইছে।
  7. কালিলৈ ঘোষণা হ’ব বিটিচি নিৰ্বাচনৰ ফলাফল। তাৰ পূৰ্বে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ফলাফল আশা কৰা ধৰণে নহ’লেও পূৰ্বতকৈ ভাল হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত অতি নীৰৱে সম্পন্ন হৈছিল বিটিচি নিৰ্বাচন।
  8. ভাৰতীয় প্ৰতিৰক্ষা খণ্ডত হিন্দুস্তান এৰ’নটিক্স লিমিটেডে লাভ কৰিছে এক বৃহৎ অগ্ৰগতি। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে ৯৭খন তেজছ Mk-1A যুদ্ধ বিমান ক্ৰয়ৰ বাবে প্ৰায় ৬২,৩৭০ কোটি টকাৰ চুক্তি চূড়ান্ত কৰিছে সংস্থাটোৱে। থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব এই যুদ্ধজাহাজসমূহ।
  9. এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ছুপাৰ ৪ পৰ্যায়ত পাকিস্তান আৰু বাংলাদেশক পৰাস্ত কৰি ফাইনেলত উপনীত হয় সূৰ্য বাহিনী। অৱশ্যে কালিলৈ শ্ৰীলংকাৰ সৈতে ছুপাৰ ফৰৰ অন্তিমখন মেচ খেলিব লাগিব ভাৰতীয় দলে।