শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ শ্যামকানু মহন্তৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ শ্যামকানু মহন্তৰ

monjit-dutta
Monjit Dutta | Published: 25 Sep 2025 22:32 PM

মেছেজ যোগে বিভিন্ন ভাবুকি পাই থকাৰ বাবে অসমলৈ নহা বুলিও শ্যামকানু মহন্তই এই ভিডিঅ’টোত দাবী কৰিছে। লগতে জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়াটোত কি ভুল আছিল বুলিও প্ৰশ্ন কৰে শ্যামকানুৱে।

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ গোচৰৰ অন্যতম এক প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত। ছিংগাপুৰত শ্যামকানুৰ নৰ্থইষ্ট ফেষ্টেভেলত অংশ ল’বলৈ গৈয়ে অকাল মৃত্যুক সাবটি ল’বলগা হয় অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। ইয়াৰ পিছতে শ্যামকানুৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন স্থানত বহু এজাহাৰ দাখিল কৰা হৈছে। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্যামকানু মহন্ত একপ্ৰকাৰে অন্তৰ্ধান হোৱাৰ দৰে।

তাৰ মাজতে আজি নিজা ফেচবুক একাউণ্ট যোগে শ্যামকানু মহন্তই এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰে। এই ভিডিঅ’টোত শ্যামকানুৱে নিজকে নিৰ্দোষী বুলি দাবী কৰি ন্যায় বিচাৰে। মেছেজ যোগে বিভিন্ন ভাবুকি পাই থকাৰ বাবে অসমলৈ নহা বুলিও শ্যামকানু মহন্তই এই ভিডিঅ’টোত দাবী কৰিছে। লগতে জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়াটোত কি ভুল আছিল বুলিও প্ৰশ্ন কৰে শ্যামকানুৱে।