TV9 ASSAM
ঘিঁউ চৰ্বিৰ এক উৎকৃষ্ট উৎস। গতিকে গৰম ভাতত ঘিঁউ মিহলাই খালে শৰীৰৰ শক্তি বৃদ্ধি পায়।
গৰম ভাতৰ লগত ঘিঁউ খালে হজম প্ৰক্ৰিয়া সহজ হৈ পৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস পায়। সেয়ে ভাতত ১ চামুচ ঘিঁউ দি খাব পাৰি।
ঘিঁউত ভিটামিন এ আৰু ই থাকে, যি ছালখন উজ্জ্বল কৰি তোলাৰ লগতে চুলিও মসৃণ কৰি ৰাখে।
ঘিঁউত থকা ভিটামিন ডি-এ কেলচিয়াম শোষণত সহায় কৰে। ইয়াৰ লগতে ঘিঁউ হাড়ৰ স্বাস্থ্যৰ উন্নতি সাধনতো সহায়ক।
ঘিঁউৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। সেয়ে জ্যেষ্ঠজনে সততে গৰম ভাতৰ লগত ঘিঁউ খোৱাৰ পৰামৰ্শ দিয়ে।
ঘিঁউ খালে মগজুত পুষ্টিকৰ উপাদান পোৱা যায়। সেয়ে ভাতৰ লগত ঘিঁউ খালে মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি পায়।
অৱশ্যে অতিৰিক্তভাৱে কোনো বস্তু খোৱা উচিত নহয়। অতিৰিক্ত ঘিঁউ খালে কলেষ্টেৰল বৃদ্ধি পায়, যি হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে।
ঘিঁউত কেলৰি বেছি থাকে। গতিকে ভাতৰ লগত যদি ঘিঁউ নিয়মিতভাৱে খোৱা হয়, ওজন সোনকালে বৃদ্ধি হ’ব পাৰে।
ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে অতিৰিক্ত ঘিঁউ খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত তেজত চৰ্বিৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
অনলাইন বজাৰ কৰোঁতে এই দিশলৈ মন কৰক