শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিজ পৰিয়ালৰ আগতো জুবিনক পণ্য বুলিছিল শ্যামকানুৱে- ভতিজীয়ে উদঙালে খুৰাকৰ স্বৰূপ

শ্যামকানু মহন্তই কেৱল নিজৰ লাভৰ বাবেই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল বুলি সকলোৱে অভিযোগ তুলিছে। এই অভিযোগ যে মিছা নাছিল, সেয়া আজি সম্পূৰ্ণৰূপে প্ৰমাণিত হোৱা বুলিব পাৰি। আজি শ্যামকানুৰ নিজ ভতিজীয়েই উদঙাইছে শ্যামকানুৰ নিকৃষ্ট চৰিত্ৰ।

নিজ পৰিয়ালৰ আগতো জুবিনক পণ্য বুলিছিল শ্যামকানুৱে- ভতিজীয়ে উদঙালে খুৰাকৰ স্বৰূপ
শ্যামকানুৰ মহন্তৰ স্বৰূপ উদঙালে ভতিজীয়ে
monjit-dutta
Monjit Dutta | Updated On: 25 Sep 2025 20:24 PM

অসমঅসমীয়াক শোকস্তব্ধ কৰি যোৱা ১৯ ছেপ্টেম্বৰত চিৰদিনলৈ চকু মুদিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নৰ্থইষ্ট ফেষ্টিভেলত অংশ বলৈ গৈ ছিংগাপুৰত অকাল মৃত্যুক সাবটিবলগা হৈছিল হিয়াৰ আমঠু শিল্পীগৰাকীয়ে ইয়াৰ পিছতে নৰ্থইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্তক ৰাজ্যবাসীয়ে জবাবদিহি কৰি আহিছে, দাবী জনাইছে গ্ৰেপ্তাৰৰ শ্যামকানু মহন্তৰ বেপাৰৰ লোভতে জুবিন গাৰ্গে এইদৰে অকালতে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি সকলোৱে অভিযোগ তুলি আহিছে

শ্যামকানু মহন্তই কেৱল নিজৰ লাভৰ বাবেই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল বুলি সকলোৱে অভিযোগ তুলিছে এই অভিযোগ যে মিছা নাছিল, সেয়া আজি সম্পূৰ্ণৰূপে প্ৰমাণিত হোৱা বুলিব পাৰি আজি শ্যামকানুৰ নিজ ভতিজীয়েই উদঙাইছে শ্যামকানুৰ নিকৃষ্ট চৰিত্ৰ কিদৰে শ্যামকানুৱে জুবিনক ব্যৱহাৰ কৰি আহিছে, সেয়া এতিয়া হৈ পৰিছে স্পষ্ট

এক ফেচবুক পোষ্ট যোগে শ্যামকানুৰ ভতিজী সৃজনী ভাস্ব মহন্তই উল্লেখ কৰা মতে শ্যামকানু মহন্তই নিজ পৰিয়ালৰ সমুখতে এদিন জুবিন গাৰ্গক পণ্য আখ্যা দিছিল ফেচবুক পোষ্টটোত সৃজনীয়ে লিখিছে, “জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ’ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি।

জুবিন গাৰ্গৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ’ল বুলিও তেওঁ পোষ্টটোত কয়। তেওঁ লিখিছে, “যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।

মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই”- এই স্পষ্ট মন্তব্য সৃজনী ভাস্ব মহন্তৰ।

কেইবা বছৰ ধৰি শ্যামকানুৰ সৈতে তেওঁৰ কোনো ধৰণৰ কথা-বতৰাও হোৱা নাই বুলি উল্লেখ কৰি সৃজনীয়ে লগতে শ্যামকানু আৰু তেওঁৰ মাজত মতাদৰ্শগত পাৰ্থক্যৰ কথা দোহাৰেতেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই।”- পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে এইদৰে কয় সৃজনীয়ে

ইয়াৰ পিছতে তেওঁ ঘটাইছে এক বিস্ফোৰণ তেওঁ উল্লেখ কৰা মতে, কিছু বছৰ পূৰ্বে পাৰিবাৰিক কথাবতৰাৰ সময়ত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈছিল। সেই আলোচনাত কোনোৱে জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰসঙ্গ উল্লেখ কৰিছিল সেই ক্ষণতে শ্যামকানু মহন্তই বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)বুলি মন্তব্য কৰাৰ কথা উল্লেখ কৰিছে সৃজনীয়ে

সেই একেটা মানুহেই শেহতীয়াকৈ কোনো অনুষ্ঠানত জুবিনক তেওঁৰ “ৰাজহাড়”, “আত্মা” আখ্যা দিয়া দেখি ঘৃণা উপজে বুলিও সৃজনীয়ে পোষ্টটোত লগতে ক্ষোভ প্ৰকাশ কৰে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওক। কঠোৰতম তদন্ত আৰু শাস্তি হওক।”- এইদৰে পোষ্টটোত কয় সৃজনী ভাস্ব মহন্তই