শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ব্যয় হ'ব প্ৰায় ৮০ হাজাৰ কোটি, ভেকুলীৰ দৰে যুদ্ধ জাহাজ নিৰ্মাণ কৰিব ভাৰতে

ব্যয় হ’ব প্ৰায় ৮০ হাজাৰ কোটি, ভেকুলীৰ দৰে যুদ্ধ জাহাজ নিৰ্মাণ কৰিব ভাৰতে

raj-saikia
Raj Saikia | Published: 25 Sep 2025 20:13 PM

প্ৰায় ৮০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক লেণ্ডিং প্লেটফৰ্ম ডক নিৰ্মাণৰ বাবে অতি শীঘ্ৰেইৰ নিবিদা আহ্বান কৰিব পাৰে নৌসেনাই। এই উভচৰ যুদ্ধজাহাজসমূহে কেৱল শত্ৰুপক্ষক শংকিত কৰাই হয়, বৰঞ্চ যুদ্ধক্ষেত্ৰত সৈনিক নমাবলৈও সক্ষম হ'ব।

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় নৌ-সেনাই। সংবাদ সংস্থা এএনআইৰ সূত্ৰ মতে, প্ৰায় ৮০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক লেণ্ডিং প্লেটফৰ্ম ডক নিৰ্মাণৰ বাবে অতি শীঘ্ৰেইৰ নিবিদা আহ্বান কৰিব পাৰে নৌসেনাই। এই উভচৰ যুদ্ধজাহাজসমূহে কেৱল শত্ৰুপক্ষক শংকিত কৰাই হয়, বৰঞ্চ যুদ্ধক্ষেত্ৰত সৈনিক নমাবলৈও সক্ষম হ’ব।

জানিব পৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চ পৰ্যায়ৰ বৈঠকত এই প্ৰস্তাৱ অনুমোদনৰ বাবে এতিয়া অপেক্ষা কৰি থকা হৈছে। এই চুক্তি দেশৰ অন্যতম বৃহৎ যুদ্ধজাহাজ নিৰ্মাণ প্ৰকল্প হোৱাৰ দিশে আগবাঢ়িছে। দেশৰ শীৰ্ষস্থানীয় জাহাজ নিৰ্মাতা কোম্পানীসমূহ L&T, Mazagon Dockyards আৰু Cochin Shipyard এ এই প্ৰকল্পৰ নেতৃত্ব দিব। বিদেশী কোম্পানী যেনে Navantia আৰু Naval Group এ তেওঁলোকক সহায় আগবঢ়াব পাৰে।

ভেকুলীৰ দৰে উভচৰ এই লেণ্ডিং প্লেটফৰ্ম ডকসমূহৰ পৰা কেৱল সেনা নহয়, ড্ৰোণ আৰু মিছাইলো উৎক্ষেপণ কৰিব পৰা যাব। যুদ্ধৰ সময়ত এই ডকসমূহে ভ্ৰাম্যমাণ কমাণ্ড চেণ্টাৰ হিচাপে কাম কৰিব। অৱশ্যে কেৱল যুদ্ধ নহয়, প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা বা দুৰ্গতসকলক উদ্ধাৰৰ দৰে কামতো এই জাহাজসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সূত্ৰৰ খবৰ মতে, ভাৰতীয় নৌ সেনাই ২০১৯ চনত জনোৱা এক অনুৰোধৰ পৰিপ্ৰেক্ষিতত এই ব্যাপক বিনিয়োগৰ প্ৰস্তুতি চলাইছে। এই পদক্ষেপে যে ভাৰতৰ নৌ-প্ৰতিৰক্ষা আৰু আধিক মজবুত, তাত কোনো সন্দেহ নাই।