Morning News: খালেদা জিয়াৰ মৃত্যুৰ পৰা অসম ক্ৰিকেট দলৰ সাফল্যলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি পুৱা মৃত্যু হয়। দেশখনৰ ৰাজধানী ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আহিছিল খালেদা জিয়াই।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি পুৱা মৃত্যু হয়। দেশখনৰ ৰাজধানী ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আহিছিল খালেদা জিয়াই।
- এদিনীয়া ভ্ৰমণসূচীৰে কালি অসমত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে কালি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱাত বটদ্ৰৱা থান পুনঃউন্নয়ন প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ পিছতে তেওঁ খানাপাৰাত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ো উদ্বোধন কৰে।
- বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি কালি বাংলাদেশী অনুপ্ৰৱেশকাৰী মুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে। অসমবাসীলৈ তেওঁ ৰাজ্যক সম্পূৰ্ণ অনুপ্ৰৱেশমুক্ত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ‘অচিনাকি মানুহ’ক উদ্দেশ্যি দিয়ে এনে হুংকাৰ।
- অৰণ্য মানৱ হিচাপে বিশ্বখ্যাত যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সমগ্ৰ ৰাজ্যই এই ঘটনাক একেমুখে গৰিহণা দিয়াৰ লগতে দোষীৰ শাস্তিৰ দাবী জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই ঘটনাত জড়িতসকলৰ শাস্তিৰ বাবে চৰকাৰক দাবী জনাইছে।
- যোৱা নিশা মায়ানগৰী মুম্বাইত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ভাণ্ডুপ পশ্চিম ষ্টেচন ৰোড এলেকাত এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে কেইবাজনো যাত্ৰীক। ইয়াৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ১০ জন আহত হয়।
- উন্নাও ধৰ্ষণ গোচৰৰ দোষী সাব্যস্ত প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে লাভ কৰা সকাহ দূৰ কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে চেংগাৰৰ শাস্তি স্থগিত ৰাখি দিয়া ৰায়ৰ ওপৰত শীৰ্ষ আদালতে স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে আন এক গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকাৰ বাবে তেওঁ বৰ্তমান জেলৰ পৰা ওলাই অহাৰ সুযোগ নাই।
- আৰাভাল্লী ৰেঞ্জৰ সংজ্ঞা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ পূৰ্বৰ ২০ নৱেম্বৰৰ নিৰ্দেশটো বৰ্তমানৰ বাবে স্থগিত ৰাখিছে। ১০০ মিটাৰতকৈ কম উচ্চতাৰ পাহাৰক পৰ্বতমালাৰ অংশ নহয় বুলি দিয়া পুৰণি সংজ্ঞাক লৈ আদালতে কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহলৈ জাননী দিছে। এই স্পৰ্শকাতৰ বিষয়টোৰ পৰৱৰ্তী শুনানি অহা ২১ জানুৱাৰীত গ্ৰহণ কৰা হ’ব।
- ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে দাবী কৰিছে যে ইউক্ৰেইনে ৰাষ্ট্ৰপতি পুটিনৰ বাসগৃহত ৯১টা ড্ৰ’নেৰে আক্ৰমণৰ চেষ্টা চলাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই অভিযোগক ভিত্তিহীন বুলি দাবী কৰি ৰাছিয়াইহে কিয়ভ আক্ৰমণৰ প্ৰস্তুতি চলোৱা বুলি দাবী কৰিছে।
- চলিত বিজয় হাজাৰে ট্ৰফীত কালি দৰ্শনীয় বিজয় সাব্যস্ত কৰে অসম ক্ৰিকেট দলে। কালি প্ৰতিযোগিতাৰ এখন মেচত অসমে ৩১১ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি শক্তিশালী হায়দৰাবাদক ৪ উইকেটত পৰাস্ত কৰে। অসমৰ হৈ মেচখনত শিৱশংকৰ ৰয় আৰু সৌৰভ মৌচুম দিহিঙীয়াই শতক অৰ্জন কৰে।