শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে, বিদেশী সমস্যা সমাধানৰ বিষয়ত ৫ টা গুৰুত্বপূৰ্ণ দাবী অজাপৰ

ৰাজ্যখনৰ বিদেশী সমস্যাকলৈ অসম জাতীয় পৰিষদে শনিবাৰে এক সংবাদমেল সম্বোধন কৰে। উপস্থিত আছিল দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য।

বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে, বিদেশী সমস্যা সমাধানৰ বিষয়ত ৫ টা গুৰুত্বপূৰ্ণ দাবী অজাপৰ
অসম জাতীয় পৰিষদৰ সংবাদমেল
manas-borah
Manas Borah | Published: 09 Aug 2025 16:23 PM

“নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।” এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। ৰাজ্যখনৰ বিদেশী সমস্যাকলৈ দলটোৱে শনিবাৰে এক সংবাদমেল সম্বোধন কৰে। উপস্থিত আছিল দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য। সংবাদমেলত দলটোৱে উত্থাপন কৰে ৫ টা গুৰুত্বপূৰ্ণ দাবী।

অসম জাতীয় পৰিষদে অভিযোগ কৰে যে, ৰাজনৈতিক ভৱিষ্যতলৈ সংকট নামি অহা কথাটো উপলব্ধি কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসমত বিভাজন, হিংসা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যিসমূহ প্ৰতিশ্ৰুতি দি বিজেপি দল ক্ষমতালৈ আহিছিল, তাৰে কোনো এটা প্ৰতিশ্ৰুতিয়ে বৰ্তমানৰ চৰকাৰে পূৰণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে দলটোৰ নেতৃত্বয়।

বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে: অসম জাতীয় পৰিষদ

সংবাদমেলত জগদীশ ভূঞাই অভিযোগ কৰে যে,”বৰ্তমান এক অস্থিৰ আৰু উদ্বেগজনক পৰিস্থিতিয়ে বিৰাজ কৰি আছে৷ এফালে চৰকাৰী তথা বনভূমি বেদখল কৰি থকা লোকক উচ্ছেদ। আনফালে অবৈধ নাগৰিক বহিষ্কৰণৰ ৰাজহুৱা দাবীৰ সমান্তৰালকৈ একাংশ ব্যক্তি-সংগঠনে নিজে বিদেশী খেদাৰ হুংকাৰ দিয়া – এইবোৰ বিষয়ে ৰাজ্যত এক অস্থিৰ বাতাবৰণ সৃষ্টি কৰিছে ৷”

গগৈ আৰু ভূঞাই কয়,”বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে; আনহাতে জনস্বাৰ্থৰ সৈতে জড়িত বাকী সকলো বিষয় তল পৰিছে ৷” নাগৰিকসকলৰ প্ৰয়োজন কি? বিজেপি দলে যিবোৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল, সেইবোৰ পূৰ্ণ কৰিছে নে? ৰাজ্যবাসী জনসাধাৰণ, কৃষক, বনুৱা, নিবনুৱা, চৰকাৰী কৰ্মচাৰী বা অন্য সকলো খণ্ডৰ লোকসকলৰ অধিকাৰ, প্ৰাপ্য আদায় হৈছেনে বুলিও প্ৰশ্ন কৰে দলটোৰ নেতা দুজনে।

একে সময়তে বিদেশী সমস্যা সমাধান কৰাৰ বাবে কেইবাটাও দাবী উত্থাপন কৰে দলটোৱে ৷ দলটোৰ নেতৃত্বই কয়,”বিদেশী বহিষ্কাৰ অসমবাসী ৰাইজৰ দীর্ঘদিনীয়া দাবী; তাৰ বাবেই অসম অন্দোলন হৈছিল, ৮৫৫জন শ্বহীদ হৈছিল,সহস্ৰজন ঘূণীয়া হৈছিল৷”

“কিন্তু কেনেকৈ বিদেশী বহিষ্কাৰ হ’ব ? তাৰ সুনিৰ্দিষ্ট ব্যৱস্থা আছে ৷ অসম চুক্তিয়ে তেনে ব্যৱস্থাৰ দিক-নিৰ্দেশনা দি গৈছে ৷ কিন্তু অসম চৰকাৰে সেই দিশত কাম নকৰি কিছুমান বিভ্ৰান্তিকৰ পন্থা অৱলম্বন কৰি সমগ্ৰ ব্যৱস্থাটোকে অবাটে লৈ গৈছে ৷ গতিকে এইটো স্পষ্ট যে, চৰকাৰে প্ৰকৃততে বিদেশী বহিষ্কৰণ বিচৰা নাই; বিদেশীৰ নামত ৰাজনীতিহে কৰি আছে ৷” এই অভিযোগ অসম জাতীয় পৰিষদৰ।

অসম জাতীয় পৰিষদৰ দাবী

দলটোৱে সংবাদমেলত পাঁচটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। অতি শীঘ্ৰে এই দাবী পূৰণৰ বাবে আহ্বান জনাইছে জাতীয় পৰিষদৰ নেতৃত্বয়। দাবীসমূহ ক্ৰমে-

১)অসম চুক্তিৰ ৫নং দফাটো আখৰে আখৰে ৰূপায়ন কৰি, বিদেশী চিনাক্ত কৰাৰ কাম আন্তৰিকতাৰে সম্পাদন কৰক ৷ চিনাক্ত হোৱা বিদেশীক বহিষ্কাৰৰ বাবে বাংলাদেশৰ সৈতে চুক্তি সম্পাদন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়ক ৷

২)সীমান্ত আজিও উন্মুক্ত ৷ মানুহ আহি আছে, চোৰাং গৰু বাংলাদেশলৈ গৈয়ে আছে ৷ সীমান্ত সুৰক্ষিত কৰক ৷ মানুহ অহাৰ বাট বন্ধ কৰক, গৰুৰ চোৰাং বেহা বন্ধ কৰক ৷

৩) ১৬০০ কোটিতকৈ অধিক টকা ৰাইজৰ ধন খৰচ কৰি প্ৰস্তুত কৰা এন আৰ চিখন যোৱা ৫ বছৰ ধৰি কিয় পেলাই থৈছে তাৰ উত্তৰ দিয়ক ৷ লগতে এন আৰ চিৰ জৰিয়তে বিদেশী চিনাক্তকৰণৰ অৱশিষ্ঠ কামখিনি শীঘ্ৰে সমাপ্ত কৰিবলৈ কেন্দ্ৰক হেঁচা দিয়ক।

৪) অসমীয়া জাতিৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনত সাংবিধানিক ৰক্ষাকৱচ নিশ্চিত কৰাৰ অৰ্থে, অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপয়ান কৰক ৷ অসমীয়া জাতিৰ বাবে সাংবিধানিক ৰক্ষাকৱচ নিশ্চিত কৰক ৷

৫) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ অনুসৰি, অসমৰ বাবে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰক আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম শীঘ্ৰে সম্পাদন কৰক ৷