শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ট্ৰাম্পৰ শুল্ক ভাবুকিৰ কঠোৰ উত্তৰ দিবলৈ সাজু হৈছে নতুন দিল্লী!

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ কঠোৰ উত্তৰ দিবলৈ সাজু হৈছে নতুন দিল্লী!

monjit-dutta
Monjit Dutta | Published: 09 Aug 2025 22:13 PM

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিৰ প্ৰতি ভাৰতে কোনো কঠোৰ প্ৰত্যুত্তৰ দিব নেকি, সেই লৈ যথেষ্ট চৰ্চা হোৱা দেখা গৈছে। তাৰ মাজতে পোহৰলৈ আহিছে এক বিশেষ প্ৰতিবেদন। এই প্ৰতিবেদন মতে ভাৰতে এতিয়া এক নতুন কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে দি অহা শুল্ক আৰোপৰ ভাবুকি সন্দৰ্ভত ভাৰতে ইতিমধ্যে তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে। ভাৰতৰ এই প্ৰত্যুত্তৰৰ পিছত আনকি নিজ দেশতে প্ৰশ্নৰ সন্মুখীন হৈছে ট্ৰাম্প। কিন্তু ট্ৰাম্পৰ এই ভাবুকিৰ প্ৰতি ভাৰতে আন কোনো কঠোৰ প্ৰত্যুত্তৰ দিব নেকি, সেই লৈ যথেষ্ট চৰ্চা হোৱা দেখা গৈছে। তাৰ মাজতে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছে এক বিশেষ প্ৰতিবেদন। এই প্ৰতিবেদন মতে ভাৰতে এতিয়া এক নতুন কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে।

প্ৰকাশিত প্ৰতিবেদন মতে ভাৰতে শীঘ্ৰেই আমেৰিকাৰ পৰা বন্দুক আৰু যুদ্ধ বিমান ক্ৰয় কৰাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’ব পাৰে। অৰ্থাৎ আমেৰিকাৰ পৰা যুদ্ধৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুন দিল্লীয়ে নিষেধাজ্ঞা ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ভাৰতে ৰাছিয়াৰ পিছতে আমেৰিকাৰ পৰা দ্বিতীয় সৰ্বাধিক যুদ্ধৰ সামগ্ৰী ক্ৰয় কৰে। এতিয়া নতুন দিল্লীয়ে আমেৰিকাৰ সৈতে এই ব্যৱসায়িক সম্পৰ্ক ছিন্ন কৰিব পাৰে।