বাৰিষাত জোতা-মোজাৰ পৰা দুৰ্গন্ধ ওলাই নেকি?

9 AUG 2025

TV9 ASSAM

Credit- Pinterest

9 AUG 2025

TV9 ASSAM

একেৰাহে কেইবাদিনো বৰষুণ দিলে কিছুমান ঠাইত পানী জমা হয়। মাত্ৰ কেইঘণ্টামানৰ বৰষুণত বাট-পথ প্লাৱিত হৈ পৰে।

 বৰষুণ

বাৰিষাত পানী জমা হোৱা পথত খোজকঢ়াটো এটা ডাঙৰ সমস্যা। বৰষুণত জোতা-মোজা এবাৰ তিতিলে সোনকালে নুশুকায়।

পানীত খোজকঢ়া

বাৰিষাৰ সময়ত যদি আপোনাৰ জোতা-মোজা ভালদৰে শুকুৱাব নোৱাৰে তেন্তে বেয়া গোন্ধ ওলাব। দুৰ্গন্ধময় জোতা পিন্ধিব নোৱাৰা হৈ পৰে।

জোতা-মোজা নুশুকায়

বৰষুণত তিতি ঘৰলৈ আহিলে জোতা খুলি শুকান কাপোৰেৰে মচি দিব লাগে। তাৰ পিছত জোতাৰ ভিতৰত  নেমু বা নেমুৰ বাকলি এটুকুৰা থৈ দিব পাৰে।

গোন্ধ আঁতৰাবলৈ কি কৰিব?

বাৰিষাৰ সময়ত বেয়া গোন্ধ ওলোৱা জোতা আৰু মোজাত লেভেণ্ডাৰ তেল কেইটোপালমান দিব পাৰে। এনে কৰিলে গোন্ধ নাইকিয়া হ’ব।

এই কাম কৰক

পানী সোমাব নোৱাৰা জোতা পিন্ধিবলৈ চেষ্টা কৰক। চাবোনেৰে ধুব পৰা জোতাও পিন্ধিব পাৰে। ইয়াৰ ফলত গোন্ধটো আঁতৰি যাব।

ৱাটাৰপ্ৰুফ জোতা

তিতা জোতাযোৰ শুকান কাপোৰেৰে মচি বেকিং চ'ডা ছটিয়াই দিব। পিছদিনা জোতাযোৰ পিন্ধাৰ আগতে ভালদৰে মচি লওক। এনে কৰিলে জোতাৰ সকলো বেয়া গোন্ধ নাইকিয়া হ’ব।

বেকিং চ'ডা

জোতা পিন্ধাৰ আগতে ভৰিত বেবী পাউদাৰ লগাব লাগে। মোজাৰ ভিতৰতো  পাউদাৰ দিব পাৰে। ইয়াৰ ফলত ভৰিৰ ঘাম কমি যাব। আৰু ঘাম থাকিলে পাউদাৰে শোষণ কৰিব। লগতে বেয়া গোন্ধ বিয়পি নাযায়।

বেবী পাউদাৰ

চাবলৈ ক্লিক কৰক 

যকৃতৰ সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ