শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News Updates: আছুৰ প্ৰতিবাদৰ পৰা কেন্দ্ৰ পুঁজি ঘোষণালৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News Updates: আছুৰ প্ৰতিবাদৰ পৰা কেন্দ্ৰ পুঁজি ঘোষণালৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 08 Aug 2025 23:41 PM

অসমৰ বহু ৰাজনৈতিক খবৰে আজি দিনটোৰ শিৰোনাম দখল কৰিছে। গুৱাহাটী এটা গণপ্ৰহাৰৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ...

আজি ৮ আগষ্ট, শুকুৰবাৰ। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। গণপ্ৰহাৰত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় হাস্পতালত। চুৰিৰ অভিযোগত একাংশ লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে বুলি জানিব পৰা গৈছে। পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপতে সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত।

আজি শ্বহীদ ন্যাসৰ সন্মুখত আছুৰ মহানগৰ জিলা সমিতিৰ প্ৰতিবাদ। ধৰ্মৰ ভিত্তিত বিদেশীক চৰকাৰে ভাগ ভাগ কৰাৰ অভিযোগ তুলি তীব্ৰ বিৰোধিতা আছুৰ। আছুৰ সভাপতি উৎপল শৰ্মাই কয়,অসম চৰকাৰৰ নিৰ্দেশনা আমি বিৰোধিতা কৰিছো। এয়া CAA কাৰ্যকৰী কৰাৰ কুচকাৱাজ। বিজেপিৰ ভোট বেংক সুৰক্ষাৰ স্বাৰ্থতহে হিমন্ত বিশ্ব শৰ্মা ব্যস্ত। খিলঞ্জীয়াৰ সুৰক্ষাকলৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত নহয় বুলি মন্তব্য আছুৰ সভাপতিগৰাকীৰ।

ইয়াৰ লগতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ…