শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতে পুটিনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতে পুটিনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

raj-saikia
Raj Saikia | Published: 09 Aug 2025 21:59 PM

মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, "পুটিনৰ সৈতে অতি সুন্দৰ আৰু বিশদ আলোচনা হৈছিল। তেওঁ মোক ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল, যাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। দ্বিপাক্ষিক বিষয়সমূহৰ পৰ্যালোচনা কৰা হৈছিল।"

ইতিমধ্যে ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্কক লৈ অব্যাহত আছে ব্যাপক চৰ্চা। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে জৰিমনাকে ধৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পৰিস্থিতিত ভাৰতৰ কাষত থিয় দিছে ৰাছিয়া। চলিত মাহৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণৰ কথা। ইয়াৰ পূৰ্বে শুকুৰবাৰে পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “পুটিনৰ সৈতে অতি সুন্দৰ আৰু বিশদ আলোচনা হৈছিল। তেওঁ মোক ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল, যাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। দ্বিপাক্ষিক বিষয়সমূহৰ পৰ্যালোচনা কৰা হৈছিল।” তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ কথাও আলোচনা কৰা হয়। পুটিন ভাৰতলৈ আহিব, আৰু মোদীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে যে পুটিনক আদৰণি জনোৱাৰ বাবে তেওঁ কিমান আগ্ৰহী।

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজধানী মস্কোত পুটিনক সাক্ষাৎ কৰে। মন কৰিবলগীয়া যে বুধবাৰে ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ জৰিমনা বিহিছিল। ইতিমধ্যে ২৫ শতাংশ শুল্ক আৰোপ কৰা আছিল। ছ’চিয়েল মিডিয়াত এটা পোষ্টত ট্ৰাম্পে লিখিছে, “আমি ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছো। এইটোৱেই কাৰণ নেকি নাজানো, কিন্তু আজি ৰাছিয়াৰ সৈতে আমাৰ আলোচনা অতি ফলপ্ৰসূ আছিল।”