শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Video: TTE আহিলেও নোৱাৰে টিকট পৰীক্ষা কৰিবলৈ, জানি লওক ৰে'লৱেৰ এই নিয়ম

Video: TTE আহিলেও নোৱাৰে টিকট পৰীক্ষা কৰিবলৈ, জানি লওক ৰে’লৱেৰ এই নিয়ম

Barasha Misra
Barasha Misra | Published: 09 Aug 2025 21:20 PM

ভাৰতীয় ৰে'লৱেৰ সেই নিয়ম অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত টিটিইয়ে টিকট পৰীক্ষা কৰিব নোৱাৰে। এই নিয়ম শ্লীপাৰ আৰু এচি ডবাৰ যাত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য।

ৰে’লত নিয়মিতভাৱে বহু যাত্ৰীয়ে যাত্ৰা কৰে। যাত্ৰাৰ সময়ছোৱাত যাত্ৰীসকলে ভাৰতীয় ৰে’লৱেৰ সকলো নিয়মে অনুসৰণ কৰিব লাগে। যদিও ৰে’লৰ কেইবাটাও নিয়ম আছে, তাৰে প্ৰতিটো নিয়মৰ বিষয়ে সঠিকভাৱে জ্ঞাত নহয় যাত্ৰীসকল। ৰে’ল যাত্ৰা কৰিবলৈ টিকট ক্ৰয় কৰাটো বাধ্যতামূলক। টিকট পৰীক্ষক বা টিটিই সেই টিকটটো চেক কৰিবলৈ আহে। কিন্তু আপুনি জানেনে যে ৰে’লত এটা নিৰ্দিষ্ট সময়ৰ পিছত টিটিইয়ে টিকট পৰীক্ষা কৰিবলৈ আহিব নোৱাৰে।

ভাৰতীয় ৰে’লৱেৰ সেই নিয়ম অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত টিটিইয়ে টিকট পৰীক্ষা কৰিব নোৱাৰে। এই নিয়ম শ্লীপাৰ আৰু এচি ডবাৰ যাত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য।

এই নিয়মৰ কাৰণ হ’ল নিশা ১০ বজাৰ পিছত বহু যাত্ৰী টোপনি যায়। যাতে তেওঁলোকে নিশা কোনো অশান্তি নোহোৱাকৈ জিৰণি ল’ব পাৰে। নিশা ১০ বজাৰ আগতে আৰু পুৱা ৬ বজাৰ পিছত টিটিইয়ে টিকট পৰীক্ষা কৰিব লাগে।

সবিশেষৰ বাবে চাওক ভিডিঅ’টো…