মৰাণ, মটক, কোচ ৰাজবংশীৰ ক্ষেত্ৰত সহনশীল ট্ৰাইবেল সংঘ, কি হ’ব বাকীসকলৰ ? সমস্যা ক’ত !
জনজাতিকৰণৰ দাবীত মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, টাই আহোকে ধৰি আটাইকেইটা জনগোষ্ঠীয়ে আন্দোলন অব্যাহত ৰাখিছে। শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো আজিৰ বিষয় নহয়। এই বিষয়টোকলৈ অসমৰ ৰাজনীতিত আলাপ-আলোচনা, তৰ্ক-বিতৰ্ক চলি আহিছে। জনজাতিকৰণৰ দাবীত মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, টাই আহোকে ধৰি আটাইকেইটা জনগোষ্ঠীয়ে আন্দোলন অব্যাহত ৰাখিছে। শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়, “যিসকলে ST মৰ্যাদা পাই আছে তেওঁলোকেই আপত্তি দৰ্শাই আছিল। সেইকাৰণে কিছু ক্ষেত্ৰত আমাৰো আগবাঢ়িবলৈ অসুবিধা হৈছিল। মৰাণ, মটকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সহনশীল। তিনিটা ক্ষেত্ৰত তেওঁলোক সহনশীল-পুৰণা গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী আৰু মৰাণ, মটক। এই তিনিটাৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোক ৫০ শতাংশ সহনশীল।
চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত নুবুজা বহু কথা আছে
চাহ জনগোষ্ঠীৰ সন্দৰ্ভত তেওঁ কয়, “চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা সমস্যা সৃষ্টি কৰি গ’ল।” তেওঁ কয় যে, কংগ্ৰেছে চাহ জনগোষ্ঠীৰ ৩৬ টাৰ নাম প্ৰস্তাৱ হিচাপে দিলে আৰু বাকীসকল থাকি গ’ল। এতিয়া চাহ বাগানৰ মানুহে কয় যে, কৰিলে সকলোকে কৰক। গতিকে ইয়াৰ নুবুজা বহু কথা আছে। ২৫ নৱেম্বৰৰ মন্ত্ৰীসভাৰ গোটে প্ৰতিবেদন দাখিল কৰাৰ পাছত সকলো কথা জানিব পাৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
লগতে কয়, “১১২ চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে। কংগ্ৰেছে প্ৰস্তাৱ দিলে ৩৬ টাৰ।” গতিকে কৰিবলগীয়া বহু কাম আছে। ২৫ নৱেম্বৰত মন্ত্ৰী গোটে বিধানসভাত প্ৰতিবেদন দিয়াৰ পাছত এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব পৰা যাব।
ট্ৰাইবেল সংঘই মানি লৈছে
“আমি ৩ বছৰ আলোচনা কৰি এটা বিষয়টো এই পৰ্যায়লৈ আনিছোঁ। প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই ছয় জনগোষ্ঠীক বিৰোধিতা কৰা নাই। মৰাণ-মটকক এক প্ৰকাৰে গ্ৰীন চিগনেল দিছে। ইয়াৰ কাৰণ হৈছে দীৰ্ঘকালীন আলোচনা।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।
টাই আহোমসকলৰ ক্ষেত্ৰত কি সমস্যা?
ইফালে, টাই আহোমসকলক জনজাতিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আহোমসকলৰ সমস্যা আছে। আহোমসকলে কৈছে জনজাতিকৰণ লাগিবই আৰু ট্ৰাইবেল সংঘই কৈছে, নতুন ট্ৰাইবেল হিচাপে তেওঁলোকক জনজাতিকৰণ কৰক। যাতে সংঘাত হ’ব নালাগে। “তেওঁলোকে নালাগে বুলি কোৱা নাই, তেওঁলোকে কৈছে আমাৰ লগত নিদিব। বেলেগকৈ যেনে- হিলছ ট্ৰাইব, প্লেইন ট্ৰাইবছ দৰে লিষ্ট এখন বনাই দিয়ক।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।