শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্যজনক মৃত্যু…

Jorhat case: যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিশা আৰক্ষীয়ে আটক কৰি লৈ যোৱা যুৱকৰ ৰহস্যজনক অৱস্থাত মৃত্যু হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্যজনক মৃত্যু…
প্ৰীতম দত্ত
barasha-sarma
Barasha Sarma | Updated On: 12 Oct 2025 16:41 PM

যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কালি নিশা আৰক্ষীয়ে আটক কৰি লৈ যোৱা যুৱক এজনৰ মৃতদেহ আজি পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে যুৱকজন সন্দৰ্ভত যি কৈছে সেয়া মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে। যাৰ বাবে পৰিয়ালে প্ৰকৃত কথা জানিব বিচৰিছে।

জানিব পৰা মতে, ভোগদৈ আৰক্ষী চকীত যুৱকজনৰ ৰহস্যজনক অৱস্থাত মৃত্যু হয়। ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাট চেঙেলী গাঁৱৰ ২১ বছৰীয়া যুৱকজনক কালি আৰক্ষীয়ে আটক কৰিছিল। প্ৰীতম দত্ত নামৰ যুৱকজনক নিশা প্ৰায় ১১.৪৫ বজাত ভোগদৈ আৰক্ষী চকীৰ বৰ্ণালী গোহাঁইৰ নেতৃত্বত যোৱা দলে আটক কৰি থানালৈ লৈ যায়। চুৰি সংক্ৰান্তীয় কাৰণত আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

কিন্তু আশ্চৰ্যজনকভাৱে আজি যুৱকজনৰ মৃত্যু হয়। আৰক্ষীয়ে দুপৰীয়াৰ ভাগত পৰিয়ালক জনাই যে, যুৱকজনে দেওবাৰ (১২ অক্টোবৰ)য়ে পুৱা ১০.৩৫ বজাত চৰম পন্থা গ্ৰহণ কৰে। এই কথা শুনিয়ে আচৰিত হৈ পৰে পৰিয়ালৰ লোক। কোনোৱে সহজভাৱে ল’ব পৰা নাই প্ৰীতম দত্তৰ মৃত্যু।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কয় যে, ”কালি প্ৰীতমক আটক কৰি নিছিল যদিও আজি পুৱা তেওঁ চৰম পন্থা লয় বুলি আৰক্ষীয়ে আমাক খবৰ দিয়ে। আৰক্ষীয়ে কৈছে প্ৰীতমে কম্বলৰ সহায়ত চৰম পন্থা গ্ৰহণ কৰিছে। কিন্তু এয়া কেনেকৈ হ’ব পাৰে?” জানিব পৰা মতে, যুৱকজনে আগতেও চুৰি, ড্ৰাগছ সংক্ৰান্তীয় গোচৰত জেললৈ গৈছিল।

এই ঘটনাৰ পাছতে যুৱকজনৰ মৃতদেহ মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান হাস্পাতালখনৰ মৰ্গত আছে যুৱকজনৰ মৃতদেহ। জানিব পৰা মতে, যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব আৰু তাৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব যে কেনেকৈ মৃত্যুক সাৱতি ল’লে যুৱকজনে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ দুই সন্তানৰ পিতৃয়ে কোঠালৈ মাতি নিলে ১৫ বছৰীয়া কিশোৰীক! পাছত এক ভয়ংকৰ কাণ্ড…