NCERTৰ পাঠ্যপুথিত আহোমৰ ইতিহাসৰ বিকৃত ব্যাখা, শীঘ্ৰেই শুধৰণিৰ আহ্বান গৌৰৱ গগৈৰ
যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-নেতা গৌৰৱ গগৈয়ে অসমৰ আহোম বংশৰ সৈতে জড়িত সংশোধিত NCERTৰ অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিত “উল্লেখযোগ্য ঐতিহাসিক অশুদ্ধতা” বুলি অভিহিত কৰা তথ্যখিনি জৰুৰীভাৱে শুধৰণি কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে।

গৌৰৱ গগৈ
NCERT ৰ সংশোধিত অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিত আহোম সাম্ৰাজ্যৰ সন্দৰ্ভত বিকৃত তথ্য প্ৰকাশৰ অভিযোগ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাট লোকভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। ইয়াক “উল্লেখযোগ্য ঐতিহাসিক অশুদ্ধতা” বুলি অভিহিত কৰি গগৈয়ে অতিশীঘ্ৰেই এই তথ্যৰ শুধৰণি কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰক।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ লিখা এখন পত্ৰত গগৈয়ে “Tribes, Nomads and Settled Communities” শীৰ্ষক অধ্যায়টোত বাস্তৱিক ভুল আৰু অতি সৰলীকৰণৰ উল্লেখ কৰে, যাৰ বাবে অসমৰ ইতিহাসৰ বিষয়ে ছাত্ৰ-ছাত্ৰী ভুল বুজাৰ আশংকা আছে বুলিও তেওঁ কয়।
উপস্থাপন কৰা তথ্যবোৰৰ ভিতৰত আহোমসকলৰ উৎপত্তিৰ ভুল বৰ্ণনা, পাইক প্ৰথাৰ ভুল চৰিত্ৰায়ন, ১৬৬৩ চনৰ ঘিলাঝাৰিঘাট সন্ধিৰ ভুল ব্যাখ্যা, সামাজিক-ৰাজনৈতিক সংহতিৰ অতি সৰলীকৰণ, মূল সাংস্কৃতিক আৰু প্ৰশাসনিক অৱদান বাদ দিয়া আদিও আছিল।
গগৈয়ে জোৰ দি কয় যে এনে অশুদ্ধতাই আহোমৰ ঐতিহাসিক উত্তৰাধিকাৰক ভেঙুচালি কৰে আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যক লৈ ভুল ধাৰণা স্থায়ী কৰি ৰাখে। তেওঁ অসমৰ বিষয় বিশেষজ্ঞৰ সৈতে অধ্যায়টো শীঘ্ৰে পুনৰীক্ষণ কৰাৰ লগতে সুষম, প্ৰামাণিক ঐতিহাসিক তথ্যসমূহ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনায়।