শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে বৃহৎ সাফল্যঃ নিউ বঙাইগাঁও ষ্টেচনত আৰক্ষীৰ জালত ৮ সন্দেহযুক্ত বাংলাদেশী নাগৰিক

অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলি থকা এই অভিযানৰ সময়তে আজি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত আজি নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জালত পৰিছে ৮ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিক।

অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে বৃহৎ সাফল্যঃ নিউ বঙাইগাঁও ষ্টেচনত আৰক্ষীৰ জালত ৮ সন্দেহযুক্ত বাংলাদেশী নাগৰিক
অভিযানত আটক সন্দেহযুক্ত বাংলাদেশী
monjit-dutta
Monjit Dutta | Updated On: 22 Jul 2025 18:31 PM

ৰাজ্যত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অব্যাহত আছে প্ৰশাসনৰ জোৰদাৰ অভিযান। বিগত কেইবাদিনো ধৰি ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী বিতাড়ণৰ তথ্য স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰি আহিছে। অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলি থকা এই অভিযানৰ সময়তে আজি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত আজি নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জালত পৰিছে ৮ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিক।

আৰক্ষীৰ সূত্ৰ অনুসৰি সন্দেহজনক গতিবিধি আৰু ভ্ৰমণৰ বৈধ নথি-পত্ৰৰ অভাৱৰ ভিত্তিত এই লোককেইজনক আটক কৰা হয়। আঠজনীয়া যুৱকৰ এই দলটোৱে মেঘালয় হৈ ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰিছিল বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। ধৃত লোককেইজনক বাবু শ্বেখ, আশ্ৰাফুল হক, আলামিন আলী, মামুন শ্বেখ, মহম্মদ আলী, ৰুহুল আমিন, মুশ্বাৰফ আলী, আছাৰুল হক বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰ অনুসৰি, বিগত দুদিনৰ পৰা নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত সন্দেহজনক লোকৰ ভীৰ পৰিলক্ষিত হৈছিল। তাৰ পিছতেই সোমবাৰৰ পৰা চৰকাৰী ৰে’ল আৰক্ষী, অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু ষ্টেচনত প্ৰতিজন ব্যক্তিৰ নথি পত্ৰ পৰীক্ষা নিৰীক্ষা কৰা হয়। বঙাইগাঁও জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক মোহনলাল মীনাও এই অভিযানৰ সময়ত আজি নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত উপস্থিত থাকে।

সংবাদ মাধ্যমৰ আগত ইতিমধ্যে ধৃত দলটোৰে কেইজনমান যুৱকে বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি প্ৰশাসনে ধৃত লোককেইজনৰ পৰিচয় আৰু অনুপ্ৰৱেশ সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা চলাই আছে বুলি প্ৰকাশ পাইছে। আটাইকেইজনৰ বিৰুদ্ধে বিদেশী আইনৰ অধীনত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু জেৰাৰ বাবে জিম্মাত ৰখা হৈছে।

আৰক্ষীৰ এই সফলতাৰ পিছত নিৰাপত্তা সংস্থাসমূহেও অবৈধ অনুপ্ৰৱেশ সন্দৰ্ভত তদন্তৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে। ইফালে অবৈধ অনুপ্ৰৱেশৰ পথৰ সন্ধান উলিয়াবলৈ মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা অব্যাহত আছে বুলিও খবৰ পোহৰলৈ আহিছে।