শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী

অনুৰাধা পূজাৰীয়ে কয়, বিশেষকৈ বৰ্তমানৰ শিল্পীসকলক এইখিনি সোঁৱৰাই দিয়া উচিত যে হাজৰিকাই কলকাতালৈ অহাৰ পূৰ্বে কেতিয়াও মঞ্চত ধন লোৱা নাছিল। তেওঁ প্ৰায়ে কৈছিল যে তেওঁৰ "গীতবোৰ আছিল সামাজিক পৰিৱৰ্তনৰ মাধ্যম, ধন উপাৰ্জনৰ মাধ্যম নাছিল।"

ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
barasha-misra
Barasha Misra | Published: 13 Sep 2025 17:19 PM

নতুন প্ৰজন্মই ভূপেন হাজৰিকাক গীতৰ জৰিয়তে স্মৰণ কৰে। সাহিত্য অকাডেমীৰ বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা’ই তেওঁৰ সৃষ্টিশীলতাৰ বৈচিত্ৰ্যপূৰ্ণ ধাৰাসমূহক উজ্জ্বল কৰি তুলিবলৈ প্ৰয়াস কৰিছে।

সাহিত্যিকগৰাকীয়ে পিটিআইক দিয়া এক সাক্ষাৎকাৰত কয় যে, “এয়া দুৰ্ভাগ্যজনক, আজিৰ যুৱক-যুৱতীসকলে- ১৯৮০ চনৰ পিছত জন্মগ্ৰহণ কৰাসকলে তেওঁক এজন কেৱল গায়ক বুলিহে জানে। মোৰ কিতাপখনৰ লক্ষ্য হৈছে এই সৃষ্টিশীল প্ৰতিভাৰ বহু দিশ উন্মোচন কৰা যাতে তেওঁলোকে তেওঁৰ জীৱন দৰ্শন আৰু তেওঁৰ কামক বিস্তৃতভাৱে বুজি পায়।”

এগৰাকী গায়ক, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, কবি, লেখক, সাংবাদিক আছিল হাজৰিকা,  যিটো দেশৰ কমসংখ্যক লোকেহে জানিছিল।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত হৈছে। আজি বিয়লি প্ৰায় ৫ বজাত খানাপাৰাত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমীয়া ভাষাত লিখা এই গ্ৰন্থখন আজি জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব। এই গ্ৰন্থখন সকলো স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষালৈ অনুবাদ কৰা হ’ব।

অনুৰাধা পূজাৰীয়ে কয়, বিশেষকৈ বৰ্তমানৰ শিল্পীসকলক এইখিনি সোঁৱৰাই দিয়া উচিত যে হাজৰিকাই কলকাতালৈ অহাৰ পূৰ্বে কেতিয়াও মঞ্চত ধন লোৱা নাছিল। তেওঁ প্ৰায়ে কৈছিল যে তেওঁৰ “গীতবোৰ আছিল সামাজিক পৰিৱৰ্তনৰ মাধ্যম, ধন উপাৰ্জনৰ মাধ্যম নাছিল।” পূজাৰীয়ে আঙুলিয়াই দিয়ে যে, “চিনেমাৰ জৰিয়তে আৰু অসম আৰু বাহিৰৰ ছবিৰ সংগীত পৰিচালক হিচাপে তেওঁৰ জীৱিকা কৰিছিল আছিল। বহু সময়ত হাজৰিকাই কৈছিল তেওঁ কেৱল এজন গায়ক হ’ব নিবিচাৰে, কিন্তু তেওঁৰ গীতত এনে এক বাৰ্তা থাকিব লাগে যিয়ে সমাজক ৰূপান্তৰিত কৰিব পাৰে।”