আজি এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
আজি নামৰূপত ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পৰ লক্ষ্য হৈছে অসমক সাৰ উৎপাদনত স্বাৱলম্বী কৰি তোলা আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তা পূৰণ কৰা।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি নামৰূপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই ভ্ৰমণ কালতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ নামৰূপত ব্ৰাউনফিল্ড এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ লক্ষ্য হৈছে অসমক সাৰ উৎপাদনত স্বাৱলম্বী কৰি তোলা আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
আনুমানিক ১০,৬০০ কোটি টকাৰ অধিক বিনিয়োগেৰে এই প্ৰকল্পটো ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ বৰ্তমানৰ চৌহদৰ ভিতৰত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডে (এভিএফচিএল) স্থাপন কৰিব। বিষয়াসকলৰ মতে, উদ্যোগটোত বাৰ্ষিক ইউৰিয়া উৎপাদন ক্ষমতা ১২.৭ লাখ মেট্ৰিক টন হ’ব।
অসমৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণৰ উপৰিও আগন্তুক সুবিধাই চুবুৰীয়া ৰাজ্যসমূহক সেৱা আগবঢ়াব, সাৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ উদ্যোগিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
এই আধাৰশিলা স্থাপন অনুষ্ঠানত উজনি অসমৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ আৰম্ভণিতে বাজেট ভাষণত নামৰূপকে ধৰি নতুন ইউৰিয়া উদ্যোগ প্ৰকল্পৰ বাবে ১২.৭ লাখ কোটি টকাৰ মূলধনী বিনিয়োগৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ পূৰ্বে ২১ ডিচেম্বৰ দিনটোৰ আৰম্ভণিতে বিভিন্ন বিদ্যালয়ৰ ২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে মোদীয়ে মত বিনিময় কৰিব। এই উপলক্ষে তেওঁ ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজ জাহাজ ‘চৰাইদেউ’ত যাত্ৰা কৰি প্ৰায় আধা ঘণ্টা ধৰি ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
ইফালে, ছবছৰীয়া অসম আন্দোলনৰ সময়ত মৃত্যু হোৱা ৮৬০ জন লোকৰ স্মৃতিত নৱনিৰ্মিত ‘ছহিদ স্মাৰক ক্ষেত্ৰ’ত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ছহিদ গেলেৰী পৰিদৰ্শন কৰিব আৰু প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি মালা পিন্ধাব প্ৰধানমন্ত্ৰী মোদীয়ে।