পুনৰ চলিব উচ্ছেদ অভিযান, এইবাৰ লক্ষ্য গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি
দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হ'ব উচ্ছেদ অভিযান। অহা ৯ আৰু ১০ নৱেম্বৰত এই বিশাল ভূমিত উচ্ছেদ অভিযান চলাব প্ৰশাসনে।

পুনৰ চলিব উচ্ছেদ (ফাইল ফটো)
বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ। এইবাৰ অসম চৰকাৰ সাজু হৈছে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ বাবে। দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হ’ব উচ্ছেদ অভিযান। অহা ৯ আৰু ১০ নৱেম্বৰত এই বিশাল ভূমিত উচ্ছেদ অভিযান চলাব প্ৰশাসনে।
বিভাগীয় সূত্ৰৰ মতে, উচ্ছদে অভিযানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। উচ্ছেদ অভিযানৰ পূৰ্বেই বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। আৰক্ষী আৰু বনবিভাগৰ সহযোগত শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জনাইছে প্ৰশাসনে।
উল্লেখ্য যে যোৱা জুন মাহত গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ হাছিলা বিলত প্ৰায় ১৫০০ বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল। সেইসময়ত অৱশ্যে কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰো উদ্ভৱ হৈছিল উচ্ছেদস্থলীত। এইবাৰ যাতে উচ্ছেদৰ সময়ত কোনো ধৰণৰ তেনে ঘটনাৰ সৃষ্টি নহয়, তাৰ বাবে সতৰ্ক হৈছে প্ৰশাসন।
তথ্য মতে, হাছিলা বিল অঞ্চলত প্ৰায় ৬৬৭ টা পৰিয়ালে অবৈধভাৱে বসতি কৰি আহিছিল। পাঁচখন বিদ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান অবৈধভাৱে গঢ়ি তোলা হৈছিল অঞ্চলটোত। যোৱা ১৫ জুনত প্ৰশাসনে জাননী, বেনাৰ আৰু মাইকযোগে ঘোষণা কৰি বেদখলকাৰীক ঠাই খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু কিছুমান ঘৰ, দোকান, ব্যক্তিগত জল পৰিবাহী নল আঁতৰাই নিনিয়াৰ পৰিপ্ৰেক্ষিতত সেইবোৰ ভাঙি দিয়া হৈছিল।
বিভাগীয় সূত্ৰই জনোৱা মতে বেদখলীকৃত ৰাজহুৱা ভূমি মুক্ত কৰাৰ বাবে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ অংশ হিচাপে দহিকটাত উচ্ছেদৰ যো-জা চলোৱা হৈছে। বেদখলৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ তাৰ অধীনত চৰকাৰী ভূমিত থকা অবৈধ বসতি, অবৈধ প্ৰতিষ্ঠান স্থাপন আদি নিৰ্মূল কৰা হৈছে।