শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰীৰ ওপৰত জমিয়তে দিয়া মন্তব্য অতি দুৰ্ভাগ্যজনক, দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া…

অসমত কেৱল সংখ্যলঘু লোকৰ ওপৰত চলোৱা হৈছে অত্যাচাৰ চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ দাবী জনাইছিল মৌলানা মেহমুদ মাদানীয়ে। এই বিষয়ত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

মুখ্যমন্ত্ৰীৰ ওপৰত জমিয়তে দিয়া মন্তব্য অতি দুৰ্ভাগ্যজনক, দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া…
বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া
manas-borah
Manas Borah | Published: 24 Aug 2025 16:22 PM

জমিয়ত উলেমা হিন্দৰ মৌলানা মেহমুদ মাদানীয়ে অলপতে অসমৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছিল। ইয়াৰ লগতে অভিযোগ কৰিছিল যে, অসমত কেৱল সংখ্যলঘু লোকৰ ওপৰত চলোৱা হৈছে অত্যাচাৰ । তদুপৰি এই অভিযোগ উত্থাপন কৰাৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ দাবী জনাইছিল মৌলানা মেহমুদ মাদানীয়ে। এই বিষয়ত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,”জমিয়তে স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ সৈতে সহযোগ কৰিছিল যদিও পৰৱৰ্তী সময়ত ৰাজনীতিৰ নামত বিভাজনৰ পথ বাছি লয়। ভাগ ভাগ হোৱা জমিয়তে অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ওপৰত চলা অত্যাচাৰ দেখা নাপায়,কেৱল মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ দেখা পায়।”

তেওঁ কয়, “যি জমিয়তে ভাৰত-পাকিস্তান দুখন ৰাষ্ট্ৰ হ’ব নালাগে, সকলো একেলগে থাকিব লাগে বুলি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছিল, এতিয়া সেই জমিয়তে বিজেপি চৰকাৰে অসমত কেৱল সংখ্যালঘুক অত্যাচাৰ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে। অসমত সকলো লোক অত্যাচাৰৰ বলি হৈছে। তেওঁলোকৰ মন্তব্যক ধিক্কাৰ দিছোঁ।”

তেওঁ লগতে বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত জমিয়তে ইন্ধন যোগাই অসমৰ সামাজিক ঐক্যক দুর্বল কৰিছে বুলি অভিযোগ উত্থাপন কৰে। একে সময়তে মুখ্যমন্ত্ৰীৰ ওপৰত জমিয়তে দিয়া মন্তব্য অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে বিৰোধীৰ দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “মাদানীক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি দেখুৱাই দিছোঁ। মই তেওঁক পালে বাংলাদেশলৈ পঠিয়াই দিম। অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত অসমৰ মানুহে ল’ব। মাদানীয়ে কৰিব নোৱাৰে। উচ্ছেদ অভিযান, আধাৰ কাৰ্ড বন্ধ আদিৰ খবৰ পায় তেওঁ সাৰ পাইছে। অসমক তেওঁলোকে গ্ৰাস কৰিব বিচাৰিছে।” জমিয়তক কেয়াৰ নকৰো বুলি স্পষ্ট বাৰ্তা দিয়ে মুখ্যমন্ত্ৰীয়ে।