ড° ভূপেন হাজৰিকা বিমানবন্দৰৰ পৰা চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনিলৈকে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ জানক…

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰি ড° ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তত অনুমোদন জনাই অসম কেবিনেটে । উল্লেখ্য যে, কেবিনেট বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি সিদ্ধান্তসমূহ অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ড° ভূপেন হাজৰিকা বিমানবন্দৰৰ পৰা চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনিলৈকে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ জানক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

10 May 2025 22:03 PM

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্য চৰকাৰে চাৰিটা বৰ্ষ সম্পূৰ্ণ কৰে । ইয়াৰ লগতে আজি এই বিশেষ দিনটোত মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ আহ্বান জনায় । বৈঠকত কেইটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰি ড° ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তত অনুমোদন জনাই অসম কেবিনেটে ।

এই সন্দৰ্ভত এটা প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে বিশেষ এদিনীয়া বিধানসভা অধিৱেশনৰ আয়োজন কৰা হ’ব বুলিও সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । উল্লেখ্য যে, কেবিনেট বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি সিদ্ধান্তসমূহ অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

একে সময়তে অসম চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনি, ২০২৫ ৰূপায়ণতো অনুমোদন জনাইছে অসম কেবিনেটে । এই আঁচনিৰ অধীনত ৰাজ্যৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ৰায় সাত লাখ শ্ৰমিকক ৫ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও কেবিনেটে Assam Electronics Components Manufacturing Top-Up Scheme, ২০২৫ ত অনুমোদন জনাইছে, যিয়ে ভাৰত চৰকাৰে ইলেক্ট্ৰনিকছ কম্পোনেণ্টছ মেনুফেকচাৰিং আঁচনিৰ অধীনত আগবঢ়োৱা উদগনিৰ ওপৰত ৬০ শতাংশ অতিৰিক্তকৈ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে । সমবায় সমিতিসমূহৰ পঞ্জীয়ন মাচুলৰ হাৰ প্ৰস্তাৱিত সমবায় অনুমোদিত অংশ মূলধনৰ ১ শতাংশৰ পৰা ০.৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে।

আনহাতে, ২০২৫ চনৰ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া স্নাতক আৰু গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্রীৰ ‘জীৱন প্ৰেৰণা আঁচনি’ ৰূপায়ণৰ বাবেও কেবিনেটে অনুমোদন জনাইছে । ইয়াৰ অধীনত ৰাজ্যৰ স্থায়ী বাসিন্দা আৰু যোগ্য স্নাতকসকলক এবছৰৰ বাবে প্রতিমাহে ২৫০০ টকাকৈ দিয়া হ’ব৷

অসমৰ ৰাজহুৱা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গৱেষক শিক্ষাৰ্থী আৰু দিব্যাংগ গৱেষণা শিক্ষাৰ্থীসকলক ক্ৰমে ২০ হাজাৰ আৰু ৪০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে । ১৩,৮২২ গৰাকী মাষ্টাৰ ৰ’ল, সাময়িক আৰু ফিক্সড পে’ কৰ্মচাৰীসকলক ৫০ শতাংশ গ্ৰহণযোগ্য ঘৰ ভাড়া ভাট্টা প্ৰদানৰ প্ৰস্তাৱতো অনুমোদন জনাইছে অসম কেবিনেটে।

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?