গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাৰ উপায়

10 May 2025

TV9 ASSAM

Photos Credit: Getty Images

গৰ্ভাৱস্থাত মহিলাৰ ক্ষেত্ৰত কোষ্ঠকাঠিন্য সমস্যা প্ৰায়ে হোৱা দেখা যায় । চিকিৎসকৰ মতে ইয়াৰ সঠিক চিকিৎসা নকৰিলে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কোষ্ঠকাঠিন্য

কিন্তু গৰ্ভাৱস্থাত কিয় কোষ্ঠকাঠিন্য হয়? ইয়াৰ চিকিৎসা কি? বিশেষজ্ঞসকলে কি কয়?

চিকিৎসা

গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য হোৱাৰ প্ৰধান কাৰণ হ’ল হৰম’নৰ পৰিৱৰ্তন। হৰম’নৰ পৰিৱৰ্তন হ’লে কোষ্ঠকাঠিন্য হ’ব পাৰে ।

প্ৰধান কাৰণ

অনিয়মিত খাদ্যাভ্যাস আৰু কম আঁহযুক্ত খাদ্য খোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হ’ব পাৰে।

খাদ্যাভ্যাস

শৰীৰত পানীৰ অভাৱৰ বাবেও কোষ্ঠকাঠিন্যৰ সমস্যা দেখা দিয়ে। পানী খোৱাটো অতি প্ৰয়োজন ।

শৰীৰত পানীৰ অভাৱ

যদি গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্যৰ সমস্যা হয় তেন্তে খাদ্যত আঁহযুক্ত খাদ্যৰ পৰিমাণ বৃদ্ধি কৰাটো প্ৰয়োজনীয়।

আঁহযুক্ত খাদ্য

দৈনিক তৰল পদাৰ্থ সেৱন বৃদ্ধি কৰিব লাগে। গোটেই দিনটো ৮ৰ পৰা ১২ কাপ পানী খাব লাগে। ঔষধ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ সেৱন কৰাটো ভাল নহয়।

পানী খাব লাগে

পঢ়িবলৈ ক্লিক কৰক

গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে ?