কলৰ সৈতে কেতিয়াও নাখাব এই খাদ্য বস্তুসমূহ, হ’ব পাৰে বিপদ

10 May 2025

TV9 ASSAM

কলত পটাছিয়াম, ভিটামিন বি ৬, কেলচিয়াম, ফাইবাৰ, ফছফৰাছ আৰু মেগনেছিয়াম আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যাৰ বাবে কলক ছুপাৰফুড বুলি গণ্য কৰা হয়।

কলৰ পুষ্টি

কলে আমাৰ শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰাৰ লগতে আমাৰ ওজনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। তদুপৰি ই পাচনতন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে।

শক্তি বৃদ্ধি

হাড় আৰু পেশী মজবুত কৰাতো কলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই কাৰণেই মানুহক প্ৰায়ে দিনটোত এটা বা দুটা কল খাবলৈ পৰামৰ্শ দিয়া হয়।

হাড় মজবুত

কমলা, মৌচুমীৰ দৰে টেঙা ফলৰ লগত কেতিয়াও কল খাব নালাগে। মিঠা আৰু টেঙা ফল একেলগে খালে পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে।

টেঙা ফল

কলৰ সৈতে ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। অন্যথা গেছ, পেটৰ বিষ, বদহজম, কোষ্ঠকাঠিন্য আদি সমস্যা হ’ব পাৰে।

ভজা বস্তু

কলৰ লগত কণী খোৱাৰ পৰা বিৰত থাকিব লাগে। কলৰ ঠাণ্ডা প্ৰভাৱ থাকে আনহাতে কণীৰ গৰম প্ৰভাৱ থাকে। দুয়োটা একেলগে খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

কণী

কলত ফাইবাৰ থাকে, পানীত মিহলি হ’লে ই পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া লেহেমীয়া হৈ গেছ, এচিডিটি, বদহজমৰ দৰে সমস্যা হ’ব পাৰে।

পানী নাখাব

পঢ়িবলৈ ক্লিক কৰক 

ডালিমৰ জুচ খালে ডায়েবেটিছ বাঢ়ে নেকি?