TV9 ASSAM
প্ৰায় তিনি বছৰৰ মূৰত ‘চিতাৰে জমীন পৰ’ ছবিৰ জৰিয়তে পুনৰ ছবিজগতত ভুমুকি মাৰিবলৈ সাজু হৈছে মিষ্টাৰ পাৰ্ফেক্টনিষ্ট আমিৰ খান।
কিছুদিনৰ পূৰ্বে নিৰ্মাতাসকলে এই ছবিখনৰ পোষ্টাৰ মুকলি কৰিছিল। ছবিখনৰ ট্ৰেইলাৰ ৮ মে’ত মুক্তি পোৱাৰ কথা আছিল যদিও মুক্তি নহ’ল।
দীৰ্ঘদিন ধৰি অনুৰাগীসকলে ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল যদিও বৰ্তমান আমিৰ খান প্ৰডাকচনে ট্ৰেইলাৰ মুকলিৰ দিন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে।
ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। এতিয়া ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ তাৰিখ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ পোৱা নাই।
প্ৰডাকচনৰ ঘনিষ্ঠ সূত্ৰই কয়, “দেশৰ সীমান্তত ঘটি থকা পৰিঘটনা আৰু দেশজুৰি সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি আমিৰ খান প্ৰডাকচনে ট্ৰেইলাৰৰ মুক্তি পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে।”
অৱশ্যে আমিৰ খানৰ এই ছবিখনৰ মুক্তিৰ তাৰিখো নিৰ্দিষ্ট হৈ আছে। এই ছবিখন অহা ২০ জুনত চিনেমাগৃহত মুক্তি পাব।
পঢ়িবলৈ ক্লিক কৰক
উৰ্ফি জাভেদে ব্ৰা নিপিন্ধাৰ আঁৰৰ কাৰণ…