অসম ৰাইফলছৰ শিবিৰক টাৰ্গেট, অৰুণাচলৰ চাংলাঙত বিদ্ৰোহীৰ গুলীচালনা…

ৰংলুমত থকা এটা আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সশস্ত্ৰ বিদ্ৰোহীয়ে গুলীচালনা কৰাৰ খবৰ পোৱা গৈছে। সোমবাৰে পুৱা ভাগতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অসম ৰাইফলছৰ শিবিৰক টাৰ্গেট, অৰুণাচলৰ চাংলাঙত বিদ্ৰোহীৰ গুলীচালনা...

প্ৰতীকী ফটো

Published: 

26 Jan 2026 | 08:10 PM

গণৰাজ্য দিৱসৰ দিনটোতে অৰুণাচল প্ৰদেশত সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। অৰুণাচলৰ চাংলাং জিলাত সংঘটিত হৈছে এই ঘটনা। জিলাখনৰ ৰংলুমত থকা এটা আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সশস্ত্ৰ বিদ্ৰোহীয়ে গুলীচালনা কৰাৰ খবৰ পোৱা গৈছে। সোমবাৰে পুৱা ভাগতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, অৰুণাচলৰ চাংলাং জিলাৰ ৰংলুমত থকা আছাম ৰাইফলছ কোম্পানী অপাৰেটিং বেছ (COB)ত সোমবাৰে সশস্ত্ৰ বিদ্ৰোহীয়ে গুলীচালনা কৰে। প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, পুৱা প্ৰায় ৮.৪৫ বজাত দুটা ভিন্ন দিশৰ পৰা চিঅ’বিৰ ওপৰত গুলীচালনা কৰে সশস্ত্ৰ বিদ্ৰোহীয়ে। গাঁওখন ভাৰত-ম্যানমাৰ সীমান্তৰ ১৬৮ নং পিলাৰৰ ওচৰত।

এই গুলীচালনা সংঘটিত হোৱাৰ লগে লগে বিদ্ৰোহীক লক্ষ্য উপযুক্ত প্ৰতিশোধমূলক সহাঁৰি জনায় আছাম ৰাইফলছৰ জোৱানে। ঘটনা সংঘটিত কৰা বিদ্ৰোহীৰ বিৰুদ্ধে সেনাই অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এই সংঘৰ্ষত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।

ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকক সতৰ্ক কৰি দিয়া হৈছে। সশস্ত্ৰ বিদ্ৰোহীসকলক ঘেৰাও কৰি দমন কৰাৰ বাবে অধিক অভিযান আৰম্ভ কৰা হৈছে আৰু অতিৰিক্ত নিৰাপত্তা বাহিনীক নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰতিবেদন অনুসৰি, চাংলাঙৰ আৰক্ষী অধীক্ষক কিৰ্লি পাডুৱে জনোৱা মতে, তথ্য সংগ্ৰহৰ বাবে আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে। কিন্তু অসম ৰাইফলছৰ পৰা এতিয়াও কোনো তথ্য পোৱা নাই বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইফালে এই সংঘটনাৰে কোন বিদ্ৰোহী সংগঠন জড়িত আছে সেয়া এতিয়া নিশ্চিত হোৱা নাই। ইফালে,  প্ৰকাশিত একাধিক প্ৰতিবেদনত আলফা(স্বা) আৰু NSCN(K-YA) জড়িত থকা সন্দেহ প্ৰকাশ কৰা হৈছে।

এটি কলি, দুটি পাত আঁচনি কি ? কিমান দিনৰ ভিতৰত পাব এই আৰ্থিক সাহায্য ?
টোপনিৰ মান উন্নত কৰিবলৈ কি কৰিব ? ৬ টা টিপছ জানক
বেছিকৈ উতলোৱা চাহ খাইছে নেকি? সাৱধান, মাতি আনিছে নিজৰেই বিপদ!
আপোনাৰ ছালত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ব্লাড চুগাৰ!
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান