সমাগত পোহৰৰ উৎসৱ দীপাৱলী, মাটিৰ চাকি তৈয়াৰ কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল
দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী। ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে মৃৎ শিল্পীসকলৰ । দেৱালীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ পোহৰেৰে উজলাই তুলিবলৈ মৃৎ শিল্পীসকলে দিন-ৰাতি একাকাৰ কৰিছে।

দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। মৃৎ শিল্পত কুশলী এই লোকসকলক ‘কুম্ভকাৰ’ নামেৰেও জনা যায়। থলুৱা শিল্পীসকলে দিনে-নিশাই বৰ্তমান হাজাৰ-হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰিছে । দীপাৱলীত চীনা সামগ্ৰী, লাইট আদিক প্ৰত্যাহ্বান জনাবলৈ থলুৱা শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰ বিক্ৰীৰ বাবে সাজু কৰিছে ৷ সাধাৰণতে বছৰৰ আন সময়ছোৱাতকৈ দেৱালীৰ সময়ত মাটিৰ চাকি, ধূনাবাটিৰ চাহিদা অধিক হাৰত হোৱা দেখা যায় । ঘাইকৈ ব্যাপক হাৰত বিক্রী হয় হাজাৰ হাজাৰ মাটিৰ চাকি ।
মৃৎ বা মাটিৰে উৎপাদিত সামগ্ৰী সমূহৰ ভিতৰত এৱাঁ টেকেলি, পাটি টেকেলি, দৈ টেকেলি, সৰুপাটি কলহ, ডাঙৰ পাটি কলহ, মথাকনীয়া কলহ, মলা, নদীয়া, দুণৰি, খোল, নাগেৰা, উধান আদিয়ে প্ৰধান। ইয়াৰ উপৰিও সজাবৰ বাবে সৰু জোখৰ দৰা-কইনা, নাচনী, হাতী, ঘোঁৰা, চাকি আদি বিভিন্ন সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয়। আকৌ ধান চাউল বা গৰমৰ দিনত গৰম কাপোৰ থবৰ বাবে ডাঙৰ ডাঙৰ মথিয়া সাজে। গৰম কাপোৰ মথিয়াত ভৰাই নিগনি আদিৰ পৰা আঁতৰাই ৰাখিবলৈ মথিয়াৰ মুখখন মাটিৰ লেপ দি বন্ধ কৰি দিয়া হয়। নদিয়া আৰু পিঠা পোৰা সানেকীও হ’ল দুবিধ পৰম্পৰাগত মৃৎ শিল্প।
কিন্তু ৰাজ্যৰ বজাৰত চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰ লগতে লাইটেৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে ৷ ফলত পূৰ্বৰ দৰে এই মৃৎশিল্পী সকলে বনোৱা চাকিৰ বিক্ৰীও কম হৈ আহিছে। মৃৎশিল্পীসকলে ঘৰতেই বিভিন্ন প্ৰকাৰৰ চাকি নিৰ্মাণ কৰি বহু কষ্টেৰে ৰ’দত শুকুৱাই জুইত পুৰি বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুত কৰিছে।
মৃৎ শিল্পীসকলৰ মতে, পূৰ্বত তুলনাত মাটিৰ সামগ্ৰীৰ বিক্ৰীৰ হাৰ বজাৰত যথেষ্ঠ কমিছে। যাৰ বাবে পৰিয়াল পোহপালন কৰাত কষ্টৰ সন্মুখীন হৈছে। তেওঁলোকৰ মতে, বছৰত বিভিন্ন সামগ্ৰী মাটিৰে প্ৰস্তুত কৰে যদিও পূজা, বিহু আৰু দেৱালীতহে মানুহে সামগ্ৰী ক্ৰয় কৰে। মাটিৰ সামগ্ৰীসমূহ সহজলব্ধৰ লগতে কম খৰচী। কিন্তু, সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজত দ্ৰুত পৰিবৰ্তন আহিল। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতি হ’ল, প্লাষ্টিক আৰু ধাতুৰ ভিন্ন সামগ্ৰীৰে বজাৰ ভৰি পৰিল। মানুহে ৰঙচঙীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হ’ল, মানুহে মাটিৰ পাত্ৰ ঠুনুকা বুলি অবহেলিত কৰা হ’ল। বহুজনে ইয়াৰ উপকাৰিতাৰ বিষয়েও জ্ঞাত নহয়।
এদিন কালৰ সোঁতত হেৰাই যাব। গতিকে, এই শিল্পটোক বচোবাৰ দায়িত্ব এতিয়া সকলোৰে আহি পৰিছে। দীপাৱলীৰ আকাশ পোহৰাই তোলা এই মৃৎ শিল্পীসকলৰ পিছে নিজৰ পৰিয়ালবোৰ যেন এন্ধাৰতহে থাকে ৷ কোনোমতে পৰিয়াল পোহপাল দি থকা এই মৃৎ শিল্পীসকললৈ নাই কোনো চৰকাৰী সাহায্য ৷