Bhupen Hazarika: আজি ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী
আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন। গীতে মাতে ৰাইজে সুঁৱৰিলে সুধাকণ্ঠক। ভূপেন হাজৰিকাৰ বিশাল অৱদান-সৃষ্টিৰাজিক যাউতিযুগীয়া কৰি ৰাখিবলৈ চৰকাৰেও লৈছে বহু পদক্ষেপ।
২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৪ বছৰ হ’ল। ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্বাত।
আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰে। লতাশিল খেল পথাৰতো সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হৈছে।
