এইসকল লোকে  ভুলতো খাব নালাগে মূলা! 

5 Nov 2025

TV9 ASSAM

 শীতকালত বিভিন্ন পাচলিৰ ভিতৰত মূলা অন্যতম। মূলাত বিভিন্ন প্ৰকাৰৰ ভিটামিন, খনিজ, এন্টি অক্সিডেন্ট, ফাইটোন্যুট্ৰিয়টছ আদিৰ দৰে বিভিন্ন পুষ্টিকৰ উপাদান থাকে।

মূলা

কিন্তু কিছুমান মানুহৰ বাবে মূলা বেয়া। মূলা অধিক খালে বিভিন্ন স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। গতিকে কিছুমান লোকে মূলা খোৱাৰ পৰা আঁতৰত থাকিব লাগে।

বেয়া

মূলা বেছিকৈ খালে শৰীৰত আয়ৰনৰ মাত্ৰা অধিক পৰিমাণে থাকে। বেছি আয়ৰন হ'লে পেটৰ বিষ, ডায়েৰিয়া, বমি, মূৰ ঘূৰোৱা আদি হ'ব পাৰে।

মূলা

ব্লাড চুগাৰৰ ৰোগীসকলে বেছিকৈ মূলা খাব নালাগে। মূলা অধিক খোৱাৰ ফলত হাইপোগ্লাছিমিয়াৰ সমস্যা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হৈ থকা ভাল।

ব্লাড চুগাৰ

থাইৰয়ডৰ ৰোগীসকলে ভুলতো মূলা খাব নালাগে। মূলাত থিয়োগ্লুকোছাইডছ নামৰ এবিধ উপাদান থাকে। যিয়ে থাইৰয়ডৰ  গ্লেডৰ কামত প্ৰভাৱিত কৰে।

থাইৰয়ড

ঠাণ্ডাৰ দিনত অধিক মাত্ৰাত মূলা খাব নালাগে। ইয়াৰ ফলত ডিহাইড্ৰেশ্যন হ'ব পাৰে। ইয়াৰোপৰি মূলা খালে বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে। যাৰ ফলত শৰীৰৰ পৰা বেছি পানী ওলাব পাৰে।

ডিহাইড্ৰেশ্যন

এই লেখাটোত কেৱল কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এই সন্দৰ্ভত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

গুৰুত্বপূৰ্ণ

পঢ়িবলৈ ক্লিক কৰক

ফেটি লিভাৰৰ কাৰণ