5 Nov 2025
TV9 ASSAM
যকৃতৰ বিভিন্ন সমস্যাৰ ভিতৰত ফেটি লিভাৰৰ সমস্যা অন্যতম। যকৃতত চৰ্বি জমা হ'লে ফেটি লিভাৰ হয়। আজিকালি যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনৰ এই সমস্যা হয়।
খাদ্যভাস, পৰিৱৰ্তিত জীৱনশৈলী আদিৰ ফলত ফেটি লিভাৰ হ'ব পাৰে। এই সন্দৰ্ভত আয়ুৰ্বেদ চিকিৎসক সুভাষ গোৱেলে সবিশেষ জনাইছে। তেওঁ এই সন্দৰ্ভত ইনষ্টাগ্ৰামত এটা ভিডিঅ' প্ৰচাৰ কৰিছে।
পুৱা খালী পেটত চাহ খালে যকৃতক প্ৰভাৱিত কৰিব পাৰে। এনে অৱস্থাত ফেটি লিভাৰৰ আশংকা বৃদ্ধি পায়। ইয়াৰোপৰি পাচন প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু শৰীৰত বেয়া পদাৰ্থ বৃদ্ধি পায়।
চিকিৎসকগৰাকীয়ে কয় যে, পুৱা চাহ খোৱাৰ আগতে অলপ পানী খাব। কুহুমীয়া পানী বা সাধাৰণ পানী খাব পাৰে। ইয়াৰ পাছত আপুনি চাহ খাব পাৰে। এনে কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা কম থাকে।
পুৱা সাৰ পাই বহুতে ধূমপান কৰা দেখা যায়। কিন্তু ই শৰীৰৰ বাবে অত্যন্ত বেয়া। লাহে লাহে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। আনকি যকৃতক প্ৰভাৱিত কৰিব পাৰে।
পুৱাৰ খাদ্যই আপোনাৰ যকৃতত প্ৰভাৱ পেলাব পাৰে। পুৱা অত্যধিক তেলজাতীয়, মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। পুৱা স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা শৰীৰৰ বাবে ভাল।
ইয়াৰোপৰি টোপনিৰ অভাৱ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, পানী নোখোৱা আদি বিভিন্ন কাৰণত যকৃতৰ সমস্যা হ'ব পাৰে। এই সন্দৰ্ভত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক