শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Lurinjyoti Gogoi: ৰাজেন গোঁহাইৰ অজাপত যোগদান সন্দৰ্ভত লুৰীণজ্য়োতি গগৈৰ প্ৰতিক্ৰিয়া

Lurinjyoti Gogoi: ৰাজেন গোঁহাইৰ অজাপত যোগদান সন্দৰ্ভত লুৰীণজ্য়োতি গগৈৰ প্ৰতিক্ৰিয়া

barasha-misra
Barasha Misra | Published: 05 Nov 2025 18:22 PM

যোগদানৰ পিছত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, এয়া যুঁজাৰ সময়, জাতীয় চেতনাক শক্তিশালী কৰাৰ সময়। অসমৰ জাতীয়তাবাদী ৰাজনৈতিক ইতিহাসত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ’ব।

দলৰ মঞ্চত ক্ৰমান্বয়ে এলাগী হৈ পৰা ৰাজেন গোঁহায়ে অৱশেষত যোৱা অক্টোবৰ মাহত বিজেপি ত্যাগ কৰে। আজি বুধবাৰে তেওঁ ৰাজনৈতিক যাত্ৰা এক নতুন অধ্যায় আৰম্ভ কৰি যোগ দিয়ে অসম জাতীয় পৰিষদত। অসমৰ সামাজিক তন্ত্ৰক শক্তিশালী কৰাৰ পৰিৱৰ্তে বিজেপি নিজৰ “বৃহত্তম শত্ৰু” বুলি কয় ৰাজেন গোঁহায়ে। তেওঁ কয়, ‘‘মই বহু জাতীয় দলৰ শাসন দেখিছোঁ, এনে লাগে যেন আমি নিজৰ ৰাজ্য দিল্লীৰ হাতত গতাই দিছো।”

যোগদানৰ পিছত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, এয়া যুঁজাৰ সময়, জাতীয় চেতনাক শক্তিশালী কৰাৰ সময়। অসমৰ জাতীয়তাবাদী ৰাজনৈতিক ইতিহাসত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ’ব। অসম জাতীয় পৰিষদৰ আপোচবিহীন আদৰ্শ আৰু জাতীয় চেতনা সংপৃক্ত দৰ্শন-দৃষ্টিভংগীৰ প্ৰতি আস্থা প্ৰকাশ কৰি আজি আমাৰ দলত যোগদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা এগৰাকী বলিষ্ঠ নেতা ৰাজেন গোহাঁই ডাঙৰীয়াই।’