শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সংযুক্ত হ'ল EPFO-IPPB, লাভ কৰিব এই সুবিধা...

সংযুক্ত হ’ল EPFO-IPPB, লাভ কৰিব এই সুবিধা…

Trishna Kalita
Trishna Kalita | Published: 05 Nov 2025 17:37 PM

এই চুক্তিৰ ফলস্বৰূপে এতিয়াৰে পৰা ঘৰৰ দুৱাৰমুখতে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ সুবিধা উপলব্ধ হ’ব। তাৰ পিছত আৰু পেঞ্চনাৰসকলে আৰু বেংক বা ইপিএফঅ’ৰ কাৰ্যালয়লৈ গৈ শাৰী পাতি থিয় হ’ব নালাগিব।

৩ নৱেম্বৰ অৰ্থাৎ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সৈতে সংযুক্ত হৈছে EPFO বা কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা। এই দুয়োটা সংস্থাৰ মাজত এই ঐতিহাসিক চুক্তিয়ে দেশৰ কোটি কোটি পেঞ্চনাৰৰ জীৱন সলনি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।