পুনৰ অসমলৈ মোদী-শ্বাহ! উন্নয়নমূলক প্ৰকল্পৰ টোপোলালৈ ৩০ জানুৱাৰীত শ্বাহ আৰু ১৪ ফেব্ৰুৱাৰীত মোদী আহি আছে

প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মাহৰ শেহৰফালে পুনৰ অসম ভ্ৰমণ কৰিব। কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব।

পুনৰ অসমলৈ মোদী-শ্বাহ! উন্নয়নমূলক প্ৰকল্পৰ টোপোলালৈ ৩০ জানুৱাৰীত শ্বাহ আৰু ১৪ ফেব্ৰুৱাৰীত মোদী আহি আছে

পুনৰ অসমলৈ মোদী-শ্বাহ

Published: 

23 Jan 2026 | 04:45 PM

যোৱা ঠিক নৱেম্বৰ মাহৰ পৰা অসমলৈ কেন্দ্ৰীয় নেতাৰ সোঁত প্ৰবল হোৱা পৰিলক্ষিত হৈছে। জানুৱাৰী মাহৰ ১৭ তাৰিখলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিবাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিবাৰ ভ্ৰমণ কৰিছে অসম। এতিয়া পুনৰ অসমলৈ আহিব এই দুই ৰাষ্ট্ৰ নেতা।

অহা এপ্ৰিল-মে’ মাহৰ ভিতৰত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যাৰ বাবে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। ইতিমধ্যে মোদী-শ্বাহে সঘন অসম ভ্ৰমণৰ যোগেদি মুকলি আৰু আধাৰশিলা স্থাপন কৰিছে বিভিন্ন প্ৰকল্পৰ। সেই সূত্ৰেই পুনৰ অসমলৈ আহিব এই দুয়োগৰাকী নেতা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মাহৰ শেহৰফালে পুনৰ অসম ভ্ৰমণ কৰিব। কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব।

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ দুটা অংশ সামৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলং উদ্বোধন কৰাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, গুৱাহাটীও উদ্বোধন কৰিব। ডাভোছৰ পৰা এক ফেচবুক লাইভযোগে এই তথ্য সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে।

ইফালে অহা ৩০ জানুৱাৰীত ডিব্ৰুগড়লৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপনৰ লগতে জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহৰ এই অসম ভ্ৰমণে উজনি অসমৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ গুৰুত্বক প্ৰতিফলিত কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব চাৰিমাহৰ ভিতৰত চতুৰ্থটো অসম ভ্ৰমণ। এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰত এটা ৰেলৰ দবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেবাটাও প্ৰকল্প মুকলি কৰাৰ সম্ভাৱনা আছে।

ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...