TV9 ASSAM
প্ৰায় প্ৰতিগৰাকী মহিলাই সুন্দৰ ছাল বিচাৰে। কিন্তু আজিকালি বিভিন্ন কাৰণত কম বয়সতে কিছুমাৰ ছাল বৃদ্ধৰ দৰে হৈ পৰে। ইয়ে বহু ক্ষেত্ৰত মানুহৰ আত্মবিশ্বাসতো প্ৰভাৱ পেলায়।
গতিকে সকলো মানুহে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। এই লেখাটোত এনে কিছুমান উপায় উল্লেখ কৰা হ'ল যিয়ে আপোনাৰ ছাল সুন্দৰ দেখাত সহায় কৰিব।
প্ৰতিদিনে ৭-৮ ঘন্টা সময় শুব লাগে। টোপনিয়ে ছাল ৰিপেয়াৰ কৰে। ইয়াৰোপৰি যদি ভালদৰে নুশুৱে তেন্তে চকুত ক'লা দাগ, মুখ শেতা পৰা দেখা যায়। ইয়ে বয়স হোৱাৰ দৰে দেখায়।
শুৱাৰ লগতে খাদ্যৰ ওপৰতো গুৰুত্ব দিয়া প্ৰয়োজন। ভাল খাদ্য, চালাদ, সেউজীয়া শাক-পাচলি, ড্ৰাই ফ্ৰুট আদি খাব লাগে। ইয়াৰোপৰি ৰ'দত বাহিৰত ওলালে ছানস্ক্ৰীণ লগাব লাগে।
অধিক চিন্তাই মানুহৰ ছালত প্ৰভাৱ পেলায়। গতিকে মানসিক চাপ কম কৰাৰ চেষ্টা কৰক। ইয়াৰ বাবে আপুনি প্ৰতিদিনে অলপ সময় খোজ কাঢ়িব পাৰে বা ব্যায়াম কৰিব পাৰে।
আমি ছালৰ যত্ন লোৱাও প্ৰয়োজন। গতিকে সপ্তাহত এবাৰ ফেচ পেক, দুবাৰ ষ্ক্ৰাব, প্ৰতিদিনে চিৰম লগোৱা প্ৰয়োজন। ইয়াৰোপৰি ঘৰুৱা উপায়ৰেও ছালৰ যত্ন ল'ব পাৰে।
ধূমপান,সুৰা আদিৰ পৰা আঁতৰি থাকক। ইয়ে ছালত যথেষ্ঠ প্ৰভাৱ পেলায়। ইয়াৰোপৰি অত্যধিক তেল থকা বস্তু, ভজা পোৰা বস্তু খোৱা পৰিহাৰ কৰক। জাংক ফুডৰ পৰা আঁতৰি থাকিব।
পঢ়িবলৈ ক্লিক কৰক