TV9 ASSAM
বহু লোকে ফ্ৰীজৰ পৰা পানী লিক হোৱাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ কাৰণ বিচাৰি উলিওৱালৈ কেতিয়াবা গোটেই মজিয়াত পানী হৈ পৰে।
দীর্ঘদিন ডিফ্ৰষ্ট নকৰিলে ফ্ৰীজৰ ডীপ ফ্ৰীজ অংশত বৰফ জমা হয়। যেতিয়া ডিফ্ৰষ্ট কৰা হয়, তেতিয়া সেই বৰফ গলি যায় আৰু এই গলিত পানী ওলাই আহে।
এই গলিত পানী সাধাৰণতে ফ্ৰীজৰ ফ্ৰীজৰ পিছফালে বা তলত ড্ৰিপ পেনত জমা হয়।। কিন্তু পেনটো ভৰ্তি হ’লে বা ভালদৰে লাগি নাথাকিলে পানী ওলাই আহে।
এই সমস্যাৰ পৰা মুক্তি পাবলৈ ডিফ্ৰষ্ট কৰাৰ পিছত ড্ৰিপ পেনটোৰ ওপৰত চকু ৰাখিব লাগে। পানী ওফন্দি উঠাৰ আগতে তাৰ পৰা আঁতৰাই পেলাব লাগে।
ফ্ৰীজৰ তলফালে থকা ড্ৰেইন হ’লৰ জৰিয়তে পানী ওলাই যায়। কিন্তু এইটো ব্লক হৈ পৰিলে, পানী ফ্ৰীজৰ ভিতৰ বা বাহিৰত জমা হ’ব পাৰে। সেয়ে ড্ৰেইন হ’লৰ ওপৰত চকু ৰাখিব লাগে।
ফ্ৰীজৰ দৰ্জা ভালদৰে বন্ধ নোহোৱাত ঠাণ্ডা বতাহ ওলাই যায় আৰু বাহিৰৰ বতাহ ভিতৰলৈ সোমায়। সেই সময়ত ঘনীভূত পানী জমা হয় আৰু বাহিৰলৈ ওলাই আহে।
ফ্ৰীজত অধিক বস্তু থাকিলে ঠাণ্ডা বতাহ সঠিকভাৱে চলাচল কৰিব নোৱাৰে। ফলত ভিতৰত অধিক ঘনীভৱন হয় আৰু পানী ওলায়।
ফ্ৰীজৰ ড’ৰ ছীল ঠিকমতে লাগিছে নে নাই সেইটো পৰীক্ষা কৰক, যাতে ফ্ৰীজৰ ভিতৰৰ বতাহ ওলাই যাব নোৱাৰে আৰু বাহিৰৰ বতাহ সোমাব নোৱাৰে।
পঢ়িবলৈ ক্লিক কৰক
খালী পেটত পেইন কিলাৰে বৃক্ক বেয়া কৰে নেকি?