শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

য’তেই যায় তাতেই বিয়াত বহে! ২ বাৰকৈ বিবাহ বিচ্ছেদ, প্ৰেমিক, সন্তান… নূপুৰ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…

আয়তকৈ ৪০০ শতাংশ বেছি সম্পত্তিৰ পাহাৰ গঢ়ি অৱশেষত গ্ৰেপ্তাৰ হ'ল ACS বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিত ডেকা। অভিযোগ অনুসৰি নূপুৰ বৰাই য'তেই যায় তাতেই অনিয়ম সংঘটিত কৰে।

য’তেই যায় তাতেই বিয়াত বহে! ২ বাৰকৈ বিবাহ বিচ্ছেদ, প্ৰেমিক, সন্তান… নূপুৰ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…
নূপুৰ বৰা
barasha-sarma
Barasha Sarma | Published: 16 Sep 2025 17:50 PM

কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়া ACS নূপুৰ বৰা সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। য’তেই চাকৰি কৰে তাতেই নূপুৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰি কোটি কোটি টকা সম্পত্তিৰ মালিক হৈ পৰিছিল। চাকৰিৰ উপৰি তেওঁৰ বৈবাহিক জীৱনটোও কম ৰহস্যজনক নহয়। কিয়নো য’তেই যাতেই তাতেই একো একোজন লাট মণ্ডলৰ সৈতে বিয়াত বহে নূপুৰে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্যই এই কথাকে যেন প্ৰমাণ কৰিছে।

জানিব পৰা মতে, নূপুৰ বৰাই এ চি এছ বিষয়া হোৱাৰ পাছতে এজন লাট মণ্ডলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এটি কন্যা সন্তানো আছে। কিন্তু সন্তান জন্মৰ পাছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। পৰৱৰ্তী সময়ত নূপুৰে কাৰ্বি আংলঙত পুনৰ এজন লাট মণ্ডলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। কিন্তু ৰাজহ চক্ৰ বিষয়াগৰাকী বৰপেটালৈ বদলি হোৱাৰ পাছতে পুনৰ বিবাহ বিচ্ছেদ কৰে।

বৰপেটাত চাকৰি কৰাৰ সময়ত নূপুৰে লাট মণ্ডল সুৰজিত ডেকাৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। এই সুৰজিত ডেকাৰ সৈতে মিলি তেওঁ চলাই গৈছিল দুৰ্নীতি আৰু গঢ়ি গৈছিল সম্পত্তিৰ পাহাৰ। নূপুৰ বৰা আৰু সুৰজিত ডেকাৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতে তেওঁলোকৰ এই  কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে।

তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা। চি এম ভিজিলেন্সৰ অভিযানত নূপুৰৰ ঘৰৰ পৰা দামী দামী সাজপাৰ, সোণৰ গহনা, হীৰাৰ গহনা,নগদ ধন আদি উদ্ধাৰ হৈছে। বিভিন্ন বেংকত থকা নূপুৰ বৰাৰ ৯টা একাউন্ট ভিজিলেন্সে জব্দ কৰিছে।

নূপুৰ বৰাৰ সম্পত্তিৰ তালিকা বহুত। বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত মাটি আছে নূপুৰৰ। ইয়াৰোপৰি জালুকবাৰীত দুটাকৈ ফ্লেট আৰু গোটানগৰত এটা ফ্লেট আছে নূপুৰৰ। ইমানেই নহয়, নূপুৰৰ পৰা প্ৰায় ১ কোটি টকা, লাখ লাখ টকাৰ সোণৰ গহনা, লাখ লাখ টকাৰ হীৰাৰ অলংকাৰ জব্দ হৈছে।

ইফালে লাট মণ্ডল সুৰজিত ডেকাই নতুনকৈ এটা তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰি আছিল। সুৰজিতৰ পৰা এখন থাৰ বাহনো জব্দ কৰিছে ভিজিলেন্সে। কিন্তু সুৰজিতৰ পৰা নগদ ধন লাভ কৰা নাই তদাৰকী কোষে।

তথ্য অনুসৰি, চাকৰি জীৱনৰ আজিৰ দিনটোলৈ নূপুৰ বৰাৰ মুঠ দৰমহা ৪৫ লাখ টকা। ইয়াৰ বিপৰীতে নূপৰৰ সম্পত্তিৰ পৰিমাণ কোটি কোটি টকা। নূপুৰ বৰাৰ এই কাণ্ডই এতিয়া বিভিন্নজনৰ চকু কপালত তুলিছে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ আছিল ফিক্সড ৰেট! কোনটো কামৰ বাবদ কিমান টকা লৈছিল নূপুৰে, চাওক তালিকা…