বমি আৰু ডায়েৰিয়াত কেৱল ORS যথেষ্ট নেকি? কেতিয়া ঔষধ খাব লাগে, বিশেষজ্ঞৰ পৰা জানক…
বহু সময়ত মানুহৰ মনত এই প্ৰশ্নটো আহে যে, যদি বমি আৰু ডায়েৰিয়া হয়, তেন্তে ORS ৰ লগত কোনো ঔষধ খাব পাৰিনে? ORS ৰ লগত ঔষধ খাব লাগে নে কেৱল ORS য়েই যথেষ্ট ?

বহুতে ORS অৰ্থাৎ Oral Rehydration Solution খায়। ই শৰীৰক ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰাৰ লগতে শৰীৰক পুনৰ হাইড্ৰেট কৰাত সহায় কৰে। ORS হৈছে নিমখ, চেনি আৰু ইলেক্ট্ৰলাইটৰ মিশ্ৰণ, যিয়ে শৰীৰক পুনৰ হাইড্ৰেট কৰে। কিন্তু বহু সময়ত মানুহৰ মনত এই প্ৰশ্নটো আহে যে, যদি বমি আৰু ডায়েৰিয়া হয়, তেন্তে ORS ৰ লগত কোনো ঔষধ খাব পাৰিনে? ORS ৰ লগত ঔষধ খাব লাগে নে কেৱল ORS য়েই যথেষ্ট ?
ORS ৰ কি ব্যৱহাৰ হয়?
সঘনাই ডায়েৰিয়া বা বমি হ’লে শৰীৰত কেৱল পানীৰ অভাৱেই নহয়, নিমখ আৰু খনিজ পদাৰ্থৰো অভাৱ হয়। শৰীৰত নিমখ আৰু চুগাৰৰ অভাৱৰ বাবে মূৰ ঘূৰোৱা, দুৰ্বলতা অনুভৱ কৰিব পাৰে। ORS ত নিমখ, চুগাৰ আৰু ইলেক্ট্ৰলাইটৰ সঠিক ভাৰসাম্য থাকে যিয়ে শৰীৰক শক্তি প্ৰদান কৰে।
ORS ৰ সৈতে ঔষধ গ্ৰহণ কৰাটো প্ৰয়োজনীয় নেকি
এপ’ল’ হাস্পতালৰ ডাঃ বৰুণ বংশালে কয় যে, সাধাৰণ ডায়েৰিয়া বা মৃদু বমি হ’লে কেৱল অ’ আৰ এছৰ দ্বাৰা এই অৱস্থা নিয়ন্ত্ৰণ কৰিব পাৰি। বেছিভাগ মানুহেই কোনো ঔষধ নোহোৱাকৈয়ে সুস্থ হৈ উঠে। কিন্তু যদি ডায়েৰিয়া অবিৰত হৈ থাকে, পেটৰ বিষ থাকে, ডায়েৰিয়াৰ লগত তেজ ওলাই, তেন্তে কেৱল ORS য়ে কাম নকৰে। এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক আৰু লগতে চিকিৎসকে দিয়া পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
কেনেধৰণৰ ঔষধ দিব পাৰে?
ডায়েৰিয়াত প্ৰতিবাৰেই এন্টিবায়টিক দিয়া নহয়। বেক্টেৰিয়াৰ বাবে সংক্ৰমণ হ’লেহে চিকিৎসকে পৰামৰ্শ দিয়ে।
প্ৰ’বায়’টিক, এই ঔষধে অন্ত্ৰ শক্তিশালী কৰাত আৰু ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। প্ৰায়ে চিকিৎসকে ORS ৰ লগতে এইবোৰ দিয়ে।
আন ঔষধ যেনে বমি প্ৰতিৰোধী ঔষধ বা জ্বৰৰ ঔষধ। এইবোৰো চিকিৎসকে প্ৰেছক্ৰিপচন দিলেহে খাব লাগে।
কেতিয়া কেৱল ORS খাব পাৰে?
যেতিয়া অৱস্থাটো বেছি বেয়া নহয়, ডায়েৰিয়া মৃদু হয়, শৰীৰত পানীৰ অভাৱ ইমান নহয় যে ব্যক্তিজনে অজ্ঞান হোৱাৰ দৰে লক্ষণ অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া কেৱল ORS খাব পাৰে। ইয়াৰ লগত লঘু সাধাৰণ খাদ্যও খাব পাৰে। এনে পৰিস্থিতিত ORS নিৰাপদ আৰু সোনকালে কাম কৰে।
ORS কেনেকৈ ব্যৱহাৰ কৰিব?
- ORS ৰ পেকেটত দিয়া নিৰ্দেশনা অনুসৰণ কৰক।
- ORS ৰ দ্ৰৱ বনোৱাৰ আগতে চাবোনেৰে হাত ভালদৰে ধুব লাগে।
- ORS দ্ৰৱত চেনি পৃথকে পৃথকে দিব নালাগে।
- সদায় সিজোৱা আৰু তাৰ পিছত ঠাণ্ডা পানীত ORS মিহলাই লওক।
- ORS দ্ৰৱত কেৱল পানীহে দিব লাগে, কোনো ধৰণৰ ৰস, শীতল পানীয় আদি দিব নালাগে।
- ২৪ ঘন্টাতকৈ বেছি সময় সংৰক্ষণ নকৰিব।
অস্বীকাৰ:- ORS কোনো ঔষধ নহয়, পানী আৰু নিমখৰ অভাৱ পূৰণ কৰা দ্ৰৱ। সামান্য সমস্য়াৰ ক্ষেত্ৰত কেৱল এইটোৱেই যথেষ্ট, কিন্তু যদি সমস্যা বাঢ়ি যায় তেন্তে ঔষধ খোৱাটো প্ৰয়োজনীয় হৈ পৰে। আটাইতকৈ ডাঙৰ কথা, নিজাববীয়াকৈ ঔষধ আৰম্ভ নকৰিব। সদায় চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।