অসমক মণিপুৰৰ দৰে কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ! আপে তুলিলে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী
আম আদমি পাৰ্টিী অসমে অসম চৰকাৰৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া ঘোষণাই তেখেতৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে সেয়া প্ৰমাণ কৰিছে বুলি আপে কয়৷

ৰাজ্যত নিৰাপত্তাৰ দোহাই দি অসম চৰকাৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছে বিৰোধী দল তথা সংগঠনসমূহে। আম আদমি পাৰ্টিীৰ অসম শাখায়ো অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই ভাৰতীয় সংবিধানৰ ধাৰা ১৪ আৰু ২১ ৰ উলংঘা কৰিছে বুলি অভিযোগ কৰে।
লগতে এই সিদ্ধান্তই কেন্দ্ৰীয় Arms Act, 1959 ৰ উলংঘা কৰিছে আৰু অসমৰ বিভিন্ন জাতি-জনজাতি, জনগোষ্ঠী-সম্প্ৰদায়ৰ মাজত এক বিভাজনমূলক আৰু সম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব বিচাৰিছে বুলিও তেওঁ দাবী কৰে। আপ নেতাগৰাকীৰ মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাজ্যৰ গৃহমন্ত্ৰীৰ দ্বায়িত্ব পালন কৰি থকা সময়তেই সৰ্বসাধাৰণ জনতাৰ সুৰক্ষা দিব নোৱাৰি সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ ব্যর্থতা প্ৰকাশ কৰিছে৷
গতিকে মাৰণাস্ত্ৰৰ সলনি চৰকাৰে অসমত আইন শৃংখলা তথা আৰক্ষী বিভাগ শক্তিশালী কৰিব লাগিছিল বুলি উল্লেখ কৰে ভবেন চৌধুৰীয়ে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনিৰ অধীনত অসমতো মণিপুৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাটো বিচাৰিছে বুলি তেওঁ লগতে দাবী কৰে।
বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বাংলাদেশীক ৰুধিবলৈ জনসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দি ৰাজ্যখনক অৰাজকতা আৰু বিপদজ্জনক দিশলৈ ঠেলি দিব বিচাৰিছে বুলি আপ অসমে অভিযোগ কৰিছে। অসমৰ বিধানসভাত মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ সম্পৰ্কে কোনো নতুন বিধেয়ক গৃহীত হোৱা নাই, সেয়ে কেবিনেটৰ এই সিদ্ধান্ত আইনগতভাৱে অপৰ্যাপ্ত তথা সম্পূৰ্ণ সংবিধানবিৰোধী আৰু বিপজ্জনক বুলিও আপে লগতে কয়।
আপ অসমে লগতে কয় যে জাতি-মাটি-ভেটি ৰক্ষা কৰিব নোৱাৰা বৰ্তমান বিজেপি চৰকাৰখনে ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত সম্পূৰ্ণ বিফল হৈছে আৰু সেয়ে চৰকাৰখনে এতিয়া খিলঞ্জীয়াৰ নিৰাপত্তাৰ নামত একাংশ লোকৰ হাতত ৰক্তপাতৰ যন্ত্ৰ দি সাম্প্রদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আম আদমি পার্টীয়ে অসমত শান্তি আৰু ঐক্য ৰক্ষাৰ স্বাৰ্থত এয়া আত্মঘাতী সিদ্ধান্ত বুলি আখ্যা দি শীঘ্রে প্রত্যাহাৰ কৰিবলৈও অসম চৰকাৰক দাবী জনাইছে।
“বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে সংবিধানৰ বিধি ব্যৱস্থাৰ বাহিৰলৈ গৈ অসমত এক বিশৃংখল বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, গৃহ মন্ত্ৰী হিচাপে আইন শৃংখলা পৰিস্থিতি যে তেখেতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই কথাটো উদঙাই দিছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰ সংবিধান অনুসৰি চলাত ব্যৰ্থ হৈছে।”- এই দাবী আপ অসমৰ।
দলটোৱে লগতে ৰাজ্য চৰকাৰে ভাৰতীয় সংবিধানৰ বিধানসমূহৰ গম্ভীৰ উলংঘন কৰিছে আৰু সংবিধান অনুযায়ী শাসন কৰিবলৈ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি এনে পৰিপ্ৰেক্ষিতত পৰবৰ্তী ২০২৬ বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত অসমত তাৎক্ষণিকভাবে বলবৎ হোৱাকৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰিছে৷
মুখ্যমন্ত্ৰীৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া ঘোষণাই তেখেতৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে সেয়া প্ৰমাণ কৰিছে বুলি আপে কয়৷ মুখ্যমন্ত্ৰীৰ এই ৰাজনৈতিক বিবৃতিবোৰে ৰাজ্যৰ জনতাক আৱেগিক কৰি তুলিব আৰু অস্ত্ৰৰ প্ৰতি ৰাইজক অনুপ্ৰাণিত কৰিব বুলি দলটোৱে উদ্বেগ প্ৰকাশ কৰে আৰু এয়া অসমৰ শান্তিপ্ৰিয় জনতাৰ বাবে কেতিয়াও কাম্য নহয় বুলি দোহাৰে৷