শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

World Population Day: আজি বিশ্ব জনসংখ্যা দিৱস, জানক ইয়াৰ ইতিহাস আৰু তাৎপৰ্য

২০২৩ চনৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা ১.৪ আৰৱ। এই জনসংখ্যাৰ হাৰ যদি অধিক হাৰত বৃদ্ধি পাই তেন্তে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱণা আছে।

World Population Day: আজি বিশ্ব জনসংখ্যা দিৱস, জানক ইয়াৰ ইতিহাস আৰু তাৎপৰ্য
বিশ্ব জনসংখ্যা দিৱস
barasha-sarma
Barasha Sarma | Updated On: 11 Jul 2024 09:22 AM

প্ৰতি বছৰ ১১ জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। জনসংখ্যা দিৱস পালন কৰাৰ উদ্দেশ্য হ’ল জনসংখ্য বৃদ্ধি সন্দৰ্ভত মানুহক সজাগ কৰা। এই দিনটোৱে মনত পেলাই যে জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল যোজনা কিমান গম্ভীৰ বিষয়। ২০২৩ চনৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা ১.৪ আৰৱ। এই জনসংখ্যাৰ হাৰ যদি অধিক হাৰত বৃদ্ধি পাই তেন্তে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱণা আছে। বৰ্তমান সময়ত সৰ্বাধিক জনসংখ্যা থকা দেশ চীন।

বিশ্ব জনসংখ্যা দিৱস ২০২৪ চনৰ বিষয়বস্তু

প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস পালন কৰিবলৈ এটা বিষয়-বস্তু ৰখা হয়। ২০২৪ চনৰ বিষয়- বস্তু হ’ল Leave No One Behind, Count Everyone,” অৰ্থাৎ কাকো এৰি নাহিবা, সকলোকে গণনা কৰা। এই থীমে বিশ্বত থকা লোকসকলক জৰুৰী সুবিধা প্ৰাপ্ত কৰোৱাৰ বাবে জনসংখ্যাৰ তথ্য একত্ৰিত কৰাত গুৰুত্ব প্ৰদান কৰে।

২০২৩ চনত বিশ্ব জনসংখ্যা দিৱসৰ থীম আছিল- লিংগ সমানতাৰ শক্তিক প্ৰকাশ কৰা। ঠিক তেনেদৰে ২০২২ চনত ইয়াৰ বিষয়- বস্তু আছিল ৮ বিলিয়নৰ বিশ্ব।

বিশ্ব জনসংখ্যা দিৱসৰ ইতিহাস

বিশ্ব জনসংখ্যা দিৱসৰ আৰম্ভ হৈছিল ১৯৮৯ চনত সংযুক্ত ৰাষ্ট্ৰ বিকাশ কাৰ্যক্ৰম (UNDP)ৰ দ্বাৰা। ১৯৮৭ চনত বিশ্বৰ জনসংখ্যা আছিল প্ৰায় ৫ আৰৱ। যাক লৈ বিশ্বৰ সকলো দেশ চিন্তিত হৈ পৰিছিল। তাৰ পাছতেই জনসংখ্য়া নিয়ন্ত্ৰণ আৰু মানুহক সহাজ কৰাৰ বাবে ১১ জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰি অহা হয়।

বিশ্ব জনসংখ্যা দিৱসৰ উদ্দেশ্য

বৰ্তমান বিশ্বৰ জনসংখ্যা ৮ আৰৱতকৈ অধিক। জনসংখ্যা বৃদ্ধিয়ে ইতিবাচকতৈ নেতিবাচক প্ৰভাৱ বেছি পেলায়। এই সন্দৰ্ভত মানুহক সজাগ কৰোৱাৰ চেষ্টা কৰা হয়। এই দিনটোত লিংগ সমতা, প্ৰজনন স্বাস্থ্য আৰু পৰিয়াল যোজনা আদিৰ ওপৰত কোৱা হয়। জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল যোজনাৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা অধিক। ইয়াৰোপৰি এই দিনটোত মাতৃৰ স্বাস্থ্য আৰু নৱজাতকৰ স্বাস্থ্য় সম্বন্ধীয় দিশটোতো গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখ্য যে, দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন সময়ত বহু ব্য়ৱস্থা গ্ৰহণ কৰা দেখা যায়।  বিভিন্ন সজাগতামূলক সভা, আঁচনি আদি গ্ৰহণ কৰাৰ পিছতো জনসংখ্যা নিয়ন্ত্ৰণ হোৱা নাই। ইয়াৰ বিপৰীতে এনে কিছুমান দেশ আছে য’ত জনসংখ্যা একেবাৰেই কম। যাৰ বাবে এই দেশসমূহত সন্তান জন্ম দিয়াৰ বাবে বিশেষ ব্যৱস্থা দিয়া হয়। এই ক্ষেত্ৰত জাপান অন্যতম। জাপান বিশ্বৰ অন্যতম বৃহৎ আৰু উন্নত অৰ্থনীতি। কিন্তু আন উন্নত দেশৰ তুলনাত ইয়াত জনসংখ্যা বৃদ্ধিৰ পৰিৱৰ্তে হ্ৰাস পাইছে। ২০১৭ চনত জাপানৰ জনসংখ্যাৰ আছিল ১২.৮০ কোটি। ২০২১ চনলৈকে ১২.৫৭ কোটি টকা হৈ পৰিছিল। যদি এনে অৱস্থা হৈ থাকে তেন্তে শতিকাৰ শেষৰ ফালে জাপানৰ মুঠ জনসংখ্যা ৫.৩ কোটি হ’ব।