অচিৰেই ভংগ হ’ব নেকি ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি? আমেৰিকাৰ চাঞ্চল্যকৰ ভাষ্য..
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয়, "মই ভাবো আমি অতি ভাগ্যৱান আৰু এনে এজন ৰাষ্ট্ৰপতিৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত, যিয়ে শান্তি বাহাল ৰখাটোক নিজৰ প্ৰশাসনৰ অগ্ৰাধিকাৰ হিচাপে লৈছে। ভাৰত-পাকিস্তান সংঘাতৰ সয়মত আমি এই কাম দেখিছোঁ।"

ড’নাল্ড ট্ৰাম্প, নৰেন্দ্ৰ মোদী
ভাৰত-পাকিস্তান সন্দৰ্ভত পুনৰ এক ডাঙৰ বিবৃতি দিছে আমেৰিকাই। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে তেওঁৰ দেশখনে ভাৰত আৰু পাকিস্তানৰ মাজত ঘটি থকা কাৰ্যকলাপসমূহ প্ৰতিদিনে ‘নিৰীক্ষণ’ কৰি আছে। কাৰণ দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি অতি সোনকালে ভংগ হ’ব পাৰে। ৰুবিঅ’ই এটা কাৰ্যসূচীত কয় যে যুদ্ধবিৰতিৰ একমাত্ৰ উপায় হ’ল বিৰোধী পক্ষসমূহে ইজনে সিজনৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হোৱা।
ইয়াৰ উপৰিও তেওঁ কয়, “যুদ্ধবিৰতিৰ এটা জটিলতা হ’ল ইয়াক বাহাল ৰাখিব লাগিব, যিটো অতি কঠিন। আমি পাকিস্তান আৰু ভাৰতৰ মাজত কি হৈ আছে, কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত কি হৈ আছে আমি প্ৰতিদিনে নিৰীক্ষণ কৰি আছো।”
স্থায়ী যুদ্ধবিৰতিৰ প্ৰচেষ্টা
আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কয়, “যুদ্ধবিৰতি অতি সোনকালে ভংগ হ’ব পাৰে। বিশেষকৈ চাৰে তিনি বছৰ ধৰি চলি থকা ইউক্ৰেইনৰ যুদ্ধৰ পিছত, কিন্তু আমি স্থায়ী যুদ্ধবিৰতিৰ বাবে চেষ্টা কৰা নাই বুলি কোনোৱেই মতানৈক্য কৰিব বুলি মই নাভাবো। আমাৰ লক্ষ্য হৈছে শান্তি চুক্তিত উপনীত হোৱা, যাতে এতিয়া আৰু ভৱিষ্যতেও যুদ্ধ নহয়।
ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাতৰ উল্লেখ
একে সময়তে ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত ৰুবিঅ’ই পুনৰবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সংঘটিত সামৰিক সংঘাতৰ কথা উল্লেখ কৰে। যাৰ বিষয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ ইয়াক বন্ধ কৰিছিল। ৰুবিঅ’ই কয়, “এনে এজন ৰাষ্ট্ৰপতিৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত, যিয়ে শান্তি বাহাল ৰখাটোক নিজৰ প্ৰশাসনৰ অগ্ৰাধিকাৰ হিচাপে লৈছে।”
তেওঁ কয়, “আমি কম্বোডিয়া আৰু থাইলেণ্ডত দেখিছোঁ। আমি ভাৰত-পাকিস্তানত দেখিছোঁ। আমি ৰুৱাণ্ডা আৰু ডি আৰ চিত দেখিছোঁ। আমি বিশ্বত শান্তি আনিবলৈ সম্ভৱপৰ প্ৰতিটো সুযোগৰ লাভ আদায় কৰিম।”
ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ দাবী
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ অন্ত পেলোৱাৰ কথা বাৰে বাৰে দাবী কৰি আহিছে। ট্ৰাম্পে এই দাবী এতিয়ালৈকে প্ৰায় ৪০ বাৰ পুনৰাবৃত্তি কৰিছে। এই বিষয়ৰ সৈতে জড়িত প্ৰতিটো প্ৰশ্নতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি আনিছিল।
বিবৃতিযোগে ট্ৰাম্পে কৈছিল যে, ১০ মে’ত আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত তাৎক্ষণিক যুদ্ধবিৰতি হৈছিল। কেৱল এয়াই নহয়, ট্ৰাম্পে এই মধ্যস্থতাত ব্যৱসায়ক গুৰুত্বপূৰ্ণ ভূমিকাও দিয়ে। তেওঁ নিজৰ দাবীত কৈছে যে যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বাঢ়িছিল, তেতিয়া মই বাণিজ্যৰ উদ্ধৃতি দি ইয়াৰ অন্ত পেলাইছিলো।
লগতে পঢ়ক: ফেব্ৰুৱাৰীলৈ সময় আছে ইউনুছৰ হাতত, অন্যথা শ্বেখ হাছিনাতকৈও বেয়া হ’ব…