ভাৰতৰ সামুদ্ৰিক শক্তি বৃদ্ধি! ১৩১ মাৰ্কিন ডলাৰৰ প্ৰযুক্তি বিক্ৰীত অনুমোদন আমেৰিকাৰ…

ভাৰত-পাকিস্তানৰ মাজত চাঞ্চল্য অব্যাহত থকাৰ মাজতে শক্তি বৃদ্ধি ভাৰতীয় নৌ সেনাৰ।আমেৰিকাই ভাৰতক ১৩১ মিলিয়ন ডলাৰৰ সামুদ্ৰিক সজাগতা প্ৰযুক্তি বিক্ৰীৰ বাবে অনুমোদন জনাইছে। এই চুক্তিয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ ভূমিকা শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক সুৰক্ষা বৃদ্ধি কৰিব।

ভাৰতৰ সামুদ্ৰিক শক্তি বৃদ্ধি! ১৩১ মাৰ্কিন ডলাৰৰ প্ৰযুক্তি বিক্ৰীত অনুমোদন আমেৰিকাৰ...

সেনা

Published: 

01 May 2025 16:02 PM

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে শক্তি বৃদ্ধি ভাৰতীয় নৌ সেনাৰ। বুধবাৰে ট্ৰাম্প প্ৰশাসনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় ডমেইন অবেয়ৰনেছ আৰু আনুষংগিক সঁজুলি ভাৰতক বিক্ৰীৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে অনুমানিক ব্যয় হ’ব ১৩১ মিলিয়ন মাৰ্কিন ডলাৰ। প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতে নিজৰ ভূমিকা বৃদ্ধি কৰাৰ চেষ্টা চলাই থকাৰ মাজতে শেহতীয়াকৈ ভাৰতে আমেৰিকাৰ পৰা ছিভিজন চফটৱেৰ ক্ৰয় কৰাৰ আহ্বান কৰিছিল।

প্ৰতিৰক্ষা নিৰাপত্তা সহযোগিতা সংস্থাই আমেৰিকাৰ কংগ্ৰেছলৈ প্ৰেৰণ কৰা এক অধিসূচনাত কয় যে এই প্ৰস্তাৱিত বিক্ৰীয়ে আমেৰিকা-ভাৰতৰ মাজত থকা কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰি আমেৰিকাৰ বৈদেশিক নীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লক্ষ্যক সমৰ্থন কৰিব । লগতে ই ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ এছিয়া অঞ্চলত ৰাজনৈতিক স্থিতিশীলতা, শান্তি,  অৰ্থনৈতিক প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে প্ৰতিৰক্ষা অংশীদাৰৰ নিৰাপত্তা উন্নত কৰিব।

আমেৰিকা কংগ্ৰেছলৈ জাৰি কৰা অধিসূচনা অনুসৰি এই পদক্ষেপে ভাৰতৰ সামুদ্ৰিক ডমেইন সজাগতা বৃদ্ধি কৰিব। ইয়াৰোপৰি ইয়াৰ দ্বাৰা সামৰ্থ্য আৰু কৌশলগত স্থিতি শক্তিশালী কৰি তোলা হ’ব যিয়ে বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। প্ৰতিৰক্ষা সংস্থাৰ মতে, ভাৰতে এই সামগ্ৰী আৰু সেৱাসমূহ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু এই ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়। এই বিক্ৰীয়ে অঞ্চলটোৰ সামৰিক ভাৰসাম্যৰ কোনো পৰিৱৰ্তন নকৰে। ইয়াৰ মূল ঠিকাদাৰ হ’ব ভাৰ্জিনিয়াৰ হাৰ্ণ্ডনত অৱস্থিত হকআই ৩৬০ কোম্পানী।

উল্লেখ্য যে, পহলগাম আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে।  এই সময়চোৱাত ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰাৰ বাবে সকলো চেষ্টায়ে কৰি গৈছে। কিছুদিন পূৰ্বে ভাৰতে ফ্ৰান্সৰ সৈতে সামৰিক চুক্তি কৰি স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ অধীনত ভাৰতে ৬খন ৰাফেল মেৰিন কম্বেট ফাইটাৰ বিমান (rafale marine combat aircraft)  ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই ৰাফেলসমূহ আই এন এছ বিক্ৰান্তত সংযোগ কৰা হ’ব।

এই চুক্তিৰ অধীনত ভাৰতে ২২ খন এজনীয়া আসনৰ ৰাফেল-এম জেট বিমান লাভ কৰিব আৰু বাকী ৪ খন টুইন ছিটাৰ ট্ৰেইনাৰৰ ভেৰিয়েণ্টো হ’ব। ইয়াৰ পাছতে আজি আমেৰিকাৰ সৈতে আন এক চুক্তি স্বাক্ষৰ কৰি ভাৰতে নৌ সেনাৰ শক্তি বৃদ্ধি কৰাৰ বাবে ডাঙৰ পদক্ষেপ লৈছ।  ভাৰতৰ এই শক্তিক পাকিস্তান যে কম্পমান,তাত কোনো সন্দেহ নাই।

 

 

অন্য খবৰ পঢ়কঃ সীমান্তৰ পৰা আঁতৰি গৈছে পাকিস্তানী সেনা, পতাকা আঁতৰাই খালী কৰিছে বাংকাৰ…

পুৱা খাওক গাখীৰত তিয়াই থোৱা কিচমিচ, স্বাস্থ্যৰ ওপৰত পৰিব এনে সুপ্ৰভাৱ…
কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...