৩ ৰাষ্ট্ৰৰ মহামিলন! ইফালে সুৰ সলনি কৰি আমেৰিকাই ক’লে ভাৰত সম্পৰ্কীয় বিশেষ কথা…

বৰ্তমান চীনত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁক চীনৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ কথা পতা দেখা যায়। যিয়ে এতিয়া চিন্তিত কৰি তুলিছে আমেৰিকাক।

৩ ৰাষ্ট্ৰৰ মহামিলন! ইফালে সুৰ সলনি কৰি আমেৰিকাই কলে ভাৰত সম্পৰ্কীয় বিশেষ কথা...

ভাৰত-ৰাছিয়া-চীন

Updated On: 

01 Sep 2025 14:23 PM

বৰ্তমান সমগ্ৰ বিশ্বৰ চকু আছে চীনত। SCO সন্মিলনৰ বাবে দেশখনত ভিৰ কৰিছে বিশ্বৰ বহু ডাঙৰ ডাঙৰ নেতাই। বিশেষকৈ ভাৰত, চীন আৰু ৰাছিয়াৰ ঘনিষ্ঠতা এতিয়া বিভিন্নজনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু এই বন্ধুত্ব ভাল পোৱা নাই আমেৰিকাই। ইয়াৰ মাজতে আমেৰিকাই ভাৰতৰ সৈতে থকা সম্পৰ্কক একবিংশ শতিকাৰ পৰিচয় বুলি অভিহিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ বিৰুদ্ধে লৈ অহা কঠোৰ সিদ্ধান্তৰ মাজতে এতিয়া এই বিষয়ে বিশেষ চৰ্চা লাভ কৰিছে।

ভাৰতৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ

আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্বই অহৰহ নতুন উচ্চতা স্পৰ্শ কৰি আছে। ৱাশ্বিংটনে এই সম্পৰ্কক কেৱল কৌশলগত নহয়, মানুহৰ মাজত গভীৰ বন্ধুত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমত আমেৰিকাৰ দূতাবাসে প্ৰতিৰক্ষা সহযোগিতা, উদ্ভাৱন আৰু দ্বিপাক্ষিক সম্পৰ্কক #USIndiaFWDforOurPeople হেচটেগেৰে ভৱিষ্যতক দিশ দিয়া বুলি অভিহিত কৰে।

কিন্তু বিগত সময়চোৱাত ভাৰতৰ ওপৰত অত্যধিক হেঁচা আৰোপ কৰি আহিছে আমেৰিকাই। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা ইচ্ছ্যু হিচাপে লৈ ট্ৰাম্পে ভাৰতৰ ওপৰত প্ৰথমে ২৫ শতাংশ আৰু পাছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে। ইমানেই নহয়, ট্ৰাম্পৰ পৰামৰ্শদাতা পীটাৰ নভাৰোইও বিগত সময়চোৱাত ভাৰতৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি আহিছে।

২৮ আগষ্টত নাভাৰোৱে কৈছিল যে, ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত আচলতে “মোদীৰ যুদ্ধ”। তেওঁ অভিযোগ কৰে যে ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল সস্তা মূল্যত ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰি আছে। এই প্ৰক্ৰিয়াই পুটিনত যুদ্ধত সহায় কৰিছে। ইয়াৰ পাছতে ২৯ আগষ্টত তেওঁ ভাৰতক”ক্ৰেমলিনৰ ধন সৰবৰাহৰ মেচিন” বুলি অভিহিত কৰে।

উল্লেখ্য যে, ভাৰত-আমেৰিকাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পাছতে অৱনতি ঘটে। বিগত সময়চোৱাত ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। যাৰ বাবে ভাৰতে চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইফালে ৰাছিয়া ভাৰতৰ পৰম্পৰাগত বন্ধু ৰাষ্ট্ৰ। এনে অৱস্থাত তিনি ৰাষ্ট্ৰৰ মিলনে ট্ৰাম্পৰ টোপনি হৰিছে।

ট্ৰাম্পে ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিবৰ বাবে ভাবুকি দি আহিছে। কিন্তু ভাৰতে ট্ৰাম্পৰ ভাবুকিক বুঢ়া আঙুলি দেখুৱাই ৰাছিয়াৰ লগত বন্ধুত্ব ঘনিষ্ঠ কৰাৰ লগতে তেল ক্ৰয় কৰাও অব্যাহত ৰাখিছে। ইয়াৰ মাজতে এতিয়া চীনত একত্ৰিত হৈছে ভাৰত,ৰাছিয়া, চীন। এই ৩ ৰাষ্ট্ৰৰ মহামিলনে বিশ্ব ৰাজনীতিত ভৱিষ্যতে কিবা ডাঙৰ পৰিবৰ্তন কৰিব পাৰে। তিনি ৰাষ্ট্ৰই প্ৰায় প্ৰত্যক্ষভাৱে ট্ৰাম্পৰ একপক্ষীয় নীতিৰ বিৰোধিতা কৰিছে। গতিকে ভৱিষ্যত ৰাজনীতি কি দিশলৈ গতি কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ টোপনি হৰিছে ট্ৰাম্পৰ! একেখন মঞ্চত ভাৰত, ৰাছিয়া আৰু চীন….

বৈবাহিক জীৱনৰ সুখ বঢ়াব মাত্ৰ ২ ফুটা নহৰুৱে, কেইদিনমানৰ ভিতৰতে দেখিব চমৎকাৰ!
মূত্ৰাশয় আৰু বৃক্কৰ পাথৰৰ বাবে প্ৰস্ৰাৱ সঘনাই অনুভৱ হয় নেকি?
কিমান তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ৰাস মহোৎসৱ? সবিশেষ জানক
শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ এই ৩টা ব্যায়াম দৈনিক কৰক