ভাৰতৰ বিৰুদ্ধে গৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত মুখথেকেচা ! UNSC ৰ সদস্যৰ এই ৩ টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে পাকিস্তানে…

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলে সন্ত্ৰাসবাদ আৰু পাৰমাণৱিক আক্ৰমণৰ ভাবুকিক লৈ পাকিস্তানৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । আনহাতে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ বিৰুদ্ধে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে ৰাষ্ট্ৰসংঘৰ সদস্যসকলে ।

ভাৰতৰ বিৰুদ্ধে গৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত মুখথেকেচা ! UNSC ৰ সদস্যৰ এই ৩ টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে পাকিস্তানে...

ৰাষ্ট্ৰসংঘ

Updated On: 

06 May 2025 13:00 PM

ভাৰতৰ সৈতে উত্তেজনাৰ বিষয়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ লৈ গৈছিল পাকিস্তানে । কিন্তু কোনো সহাঁৰি নাপালে পাকিস্তানে । ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলে সন্ত্ৰাসবাদ আৰু পাৰমাণৱিক আক্ৰমণৰ ভাবুকিক লৈ পাকিস্তানৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । আনহাতে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ বিৰুদ্ধে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে ৰাষ্ট্ৰসংঘৰ সদস্যসকলে ।

কেৱল এয়াই নহয়, পাকিস্তানক বৈঠকৰ বাবে UNSC বিশেষ কোঠাও দিয়া নহ’ল। পাকিস্তান নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হোৱাৰ পাছতো এই সভাৰ আয়োজন কৰা হৈছিল অতিথিশালাত। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ প্ৰতিশোধৰ আশংকাত পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক আহ্বান কৰাৰ দাবী জনাইছিল। পাকিস্তানে কয় যে, ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে, গতিকে বিশ্বৰ দেশসমূহে ইয়াক বন্ধ কৰিব লাগে। যাতে উত্তেজনা আৰু বৃদ্ধি নহয়।

পাকিস্তানে এই বৈঠকত ভাৰতৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহীত কৰিবলৈ চেষ্টা কৰিছিল যাতে কূটনৈতিক বিজয় লাভ কৰিব পাৰে। কিন্তু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলে ইয়াৰ পৰিৱৰ্তে সমগ্ৰ বিষয়টোত পাকিস্তানৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ।

প্ৰকাশিত খবৰ অনুসৰি, এই বৈঠকত উপস্থিত থকা সদস্যসকলে পাকিস্তানক ৩ টা প্ৰশ্ন কৰে। পাকিস্তানে এই প্ৰশ্নবোৰৰ প্ৰত্যক্ষ উত্তৰ দিব পৰা নাছিল, তাৰ পিছতে বৈঠক বাতিল কৰা হৈছিল। বৈঠকত উপস্থিত থকা দেশসমূহে কয় যে, পাকিস্তানে নিজেই এই সমস্যা সমাধান কৰিব পাৰে।

বৈঠক উপস্থিত সদস্যসকলে প্ৰশ্ন কৰে যে, সন্ত্ৰাসবাদীয়ে নিজৰ ধৰ্ম সুধি কিয় সাধাৰণ মানুহক হত্যা কৰিছে ? পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত লস্কৰ-ই-তৈবাৰ কিবা ভূমিকা আছেনে আৰু যদি আছে , তেন্তে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল? পাকিস্তানী বিষয়াসকলে বাৰে বাৰে পাৰমাণৱিক আক্ৰমণৰ কথা কিয় কৈছে? ইয়াৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱা বুলিও উদ্বেগ প্ৰকাশ কৰে সদস্যসকলে ।

লগতে পঢ়ক : ৭ মে’ত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল, ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত বাজিব যুদ্ধৰ চাইৰেন, একাধিক ৰাজ্যলৈ নিৰ্দেশ কেন্দ্ৰৰ..

মাত্ৰ এটা শব্দই আপোনাক দিব দুখ-যন্ত্ৰণাৰ পৰা মুক্তি, ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ তৃতীয়টো সোমবাৰে কৰক এই প্ৰতিকাৰ, লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা
ভাৰতৰ কিমান বিমানবন্দৰ এতিয়া আদানী গ্ৰুপৰ নিয়ন্ত্ৰণত?
ধনৰ অভাৱত ভুগিছে নেকি? কৰক এই সহজ কাম, সকলো বাধা দূৰ হ'ব!