শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ সিদ্ধান্তত সুখী ট্ৰাম্প ! ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিব নেকি ভাৰতে?

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব নেকি ? এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, "মই বুজি পাওঁ যে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে। এই কথা শুনিছোঁ, সঠিক হয় নে নহয় নাজানো, এটা ভাল পদক্ষেপ। আমি চাম কি হয়।" ট্ৰাম্পৰ এই দাবীৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

ভাৰতৰ সিদ্ধান্তত সুখী ট্ৰাম্প ! ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিব নেকি ভাৰতে?
manas-borah
Manas Borah | Updated On: 02 Aug 2025 13:18 PM

ভাৰতৰ ওপৰত শুল্ক ঘোষণা কৰাৰ পিছত ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু ৰাছিয়াৰ মাজত চলি থকা বাণিজ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত জৰিমনা বিহাৰ কথাও কয়। ইফালে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি আন এক দাবী উত্থাপন হৈছে। প্ৰশ্ন হয় ট্ৰাম্পৰ মন্তব্যৰ পাছতে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব নেকি ?

এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, “মই বুজি পাওঁ যে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে। এই কথা শুনিছোঁ, সঠিক হয় নে নহয় নাজানো, এটা ভাল পদক্ষেপ। আমি চাম কি হয়।” ট্ৰাম্পৰ এই দাবীৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই দাবীৰ পিছতে ভাৰতে সঁচাকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ পৰিকল্পনা কৰিছে নেকি বুলি সকলো ফালৰ পৰা প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্নসমূহৰ মাজতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কোম্পানীসমূহে কয় যে, ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ সন্দৰ্ভত কোনো অৰ্ডাৰ পোৱা নাই। তেল কোম্পানীসমূহে কয় যে, এনে ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা চলি থকা নাই। গতিকে তেল কোম্পানীসমূহৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে, ভাৰতে আমেৰিকাৰ হেঁচাত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ যোৱা নাই।

তেল ক্ৰয় নকৰাৰ উৰাবাতৰিত যেন সুখী ট্ৰাম্প। আনহাতে এদিন আগতে তেওঁ কৈছিল যে, ভাৰতে ৰাছিয়াৰ সৈতে কি সম্পৰ্ক ৰাখে। সেইটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

উল্লেখ্য যে, এফালে ড’নাল্ড ট্ৰাম্পে ভাৰতক নিজৰ ভাল বন্ধু বুলি অভিহিত কৰিছে, আনহাতে ২৫% শুল্কৰ জাপি দিছে। শেহতীয়াকৈ ট্ৰাম্পে এক বিবৃতিত কৈছিল যে, “মনত ৰাখিব ভাৰত আমাৰ বন্ধু, কিন্তু যোৱা কেইবছৰমানৰ পৰা আমি তেওঁলোকৰ সৈতে তুলনামূলকভাৱে কম বাণিজ্য কৰিছো কাৰণ ইয়াৰ শুল্ক অতি বেছি। ইয়াৰ বাহিৰেও তেওঁলোকে বেছিভাগ সামৰিক সঁজুলি সদায় ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে। সেয়ে ১ আগষ্টৰ পৰা ওপৰোক্ত আটাইকেইটাৰ বাবে ২৫% শুল্ক আৰু জৰিমনা ভৰিব লাগিব ভাৰতে।”

প্ৰতিদিনে প্ৰায় ৯৫ লাখ বেৰেল (বিশ্বৰ চাহিদাৰ প্ৰায় ১০%) উৎপাদন কৰা বিশ্বৰ দ্বিতীয় বৃহত্তম খাৰুৱা তেল উৎপাদনকাৰী দেশ ৰাছিয়া হৈছে দ্বিতীয় বৃহত্তম ৰপ্তানিকাৰক দেশ, প্ৰতিদিনে প্ৰায় ৪৫ লাখ বেৰেল খাৰুৱা তেল আৰু প্ৰতিদিনে ২৩ লাখ বেৰেল শোধিত সামগ্ৰী ৰপ্তানি কৰে ৰাছিয়াই।

ৰাছিয়াৰ তেল কেতিয়াও নিষিদ্ধ কৰা হোৱা নাই আৰু আমেৰিকা বা ইউৰোপীয় ইউনিয়নেও নিষিদ্ধ কৰা নাই। ভাৰতীয় তেল কোম্পানীসমূহে ইৰাণ বা ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা নাই, যিবোৰ প্ৰকৃততে আমেৰিকাই নিষিদ্ধ কৰিছে। তেল কোম্পানীসমূহে সদায় আমেৰিকাই পৰামৰ্শ দিয়া ৰাছিয়াৰ তেলৰ মূল্যৰ সীমা ৬০ ডলাৰ মানি চলি আহিছে। শেহতীয়াকৈ ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ খাৰুৱা তেলৰ মূল্য ৪৭.৬ ডলাৰ নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ দিছে, যিটো ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।