ভাৰত আগত! ২০২৫ চনত কিমান ভাৰতীয়ই ভ্ৰমণ কৰিলে শ্ৰীলংকা…

পৰ্যটন ক্ষেত্ৰখন প্ৰায় প্ৰতিখন দেশৰ বাবে গুৰুত্বপূৰ্ণ। শ্ৰীলংকাৰো পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ নাম আছে। প্ৰতিমাহে হাজাৰ হাজাৰ ভাৰতীয়ই শ্ৰীলংকা ভ্ৰমণ কৰে। ২০২৫ চনটোত সবাতোকৈ বেছি ভাৰতীয়ই দেশখন ভ্ৰমণ কৰিছিল।

ভাৰত আগত! ২০২৫ চনত কিমান ভাৰতীয়ই ভ্ৰমণ কৰিলে শ্ৰীলংকা...

শ্ৰীলংকা

Updated On: 

18 Jan 2026 | 09:29 PM

পৰ্যটনৰ ক্ষেত্ৰত শ্ৰীলংকা (Sri lanka) ৰ এক বিশেষ নাম আছে। ২০২৫ বৰ্ষটি পৰ্যটনৰ বাবে শ্ৰীলংকাৰ ভাল সময় আছিল। শ্ৰীলংকা পৰ্যটন উন্নয়ন কৰ্তৃপক্ষৰ (SLTDA) য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা বছৰটিত মুঠ ২৩ লাখ বিদেশী পৰ্যটকে দেশখন ভ্ৰমণ কৰিছিল, ইয়াৰে অধিকাংশ ভাৰতী নাগৰিক। SLTDAয়ে উল্লেখ কৰা অনুসৰি, ভাৰত শ্ৰীংলকাৰ বাবে এতিয়াও সৰ্ববৃহৎ উৎস দেশ হৈ আছে। ২০২৫ চনটোত ভাৰতৰ পৰা মুঠ ৫ লাখ ৩১ হাজাৰ ৫১১ গৰাকী পৰ্যটকে শ্ৰীলংকা ভ্ৰমণ কৰিছে। এই সংখ্যা দ্বিতীয় স্থানত থকা দেশতকৈ দুগুণ।

ইয়াৰোপৰি পূৰ্বৰ তুলনাত ভাৰতীয় পৰ্যটক সংখ্যা প্ৰায় ১ লাখ ১৪ হাজাৰ বৃদ্ধি পাইছে, যি প্ৰায় ১৫ শতাংশৰ সমান। প্ৰায় প্ৰতিমাহে ভাৰতীয়ই দেশখন ভ্ৰমণ কৰিছে। তথ্য অনুসৰি, গড়ে প্ৰতিমাহে ২৩%তকৈ অধিক পৰ্যটক ভাৰতৰ পৰা দেশখনলৈ গৈছিল। ডিচেম্বৰ মাহত সৰ্বাধিক ৫৬,৭১৫ গৰাকী পৰ্যটক শ্ৰীলংকালৈ গৈছিল। ইয়াৰোপৰি সবাতোকৈ কম আছিল ফেব্ৰুৱাৰী মাহত। সেই সময়ত প্ৰায় ৩৫ হাজাৰ ভাৰতীয়ই শ্ৰীলংকা ভ্ৰমণ কৰিছিল।

ডিচেম্বৰ মাহ

বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ডিচেম্বৰ মাহতো শ্ৰীলংকাৰ বাবে গুৰুত্বপূৰ্ণ আছিল। সেই সময়ত ২,৫৮,৯২৮ গৰাকী পৰ্যটকে শ্ৰীলংকা ভ্ৰমণ কৰিছিল, এয়া আছিল বছৰৰ সৰ্বাধিক। শ্ৰীলংকাৰ তথ্য পৰা এয়া কব পাৰি যে, অৱসৰ বিনোদন আৰু নিৰ্ভৰযোগ্য গন্তব্যস্থান হিচাপে শ্ৰীলংকা পৰিগণিত হৈছে।

ইয়াৰোপৰি ২০২৬ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিও ভালদৰে হয়। এই মাহটোৰ প্ৰথম ১৫ দিনত শ্ৰীলংকাত ১৩১,৮৯৮জন পৰ্যটক গৈছিল। ১০,৪৮৩ গৰাকীৰ সৈতে ১৫ জানুৱাৰীত আছিল সৰ্বাধিক। ইয়াৰে সৰ্বাধিক আছিল ভাৰত (২৩,৭৮৬) ৰ। ইয়াৰ পাছতে ছিয়া (১৪,৭৮৫), ব্ৰিটেইন (১২,১৬৬), আৰু জাৰ্মানী (৯,২৬০)।

 

অন্য খবৰ পঢ়কঃইৰাণ সংকটৰ মাজতে ভাৰতলৈ আহিব UAE ৰ ৰাষ্ট্ৰপতি, বিভিন্ন দিশৰ ওপৰত হ’ব আলোচনা…

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি