S-500: ৰাছিয়া-ভাৰতে নিৰ্মাণ কৰিব নেকি S-500 বায়ু প্ৰতিৰক্ষা ব্যৱস্থা? জানক ইয়াৰ বিশেষত্ব…

S-500 air defence system: ভাৰতৰ প্ৰায় প্ৰতিগৰাকী লোকেই জানে S-400 ৰ বিষয়ে। ই এক এনে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা যিয়ে ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত ভাৰতৰ ঢাল হিচাপে থিয় দিছিল। ইয়াৰ মাজতে ৰাছিয়াই ভাৰতক S-500 নিৰ্মাণৰ প্ৰস্তাৱ দিছে।

S-500: ৰাছিয়া-ভাৰতে নিৰ্মাণ কৰিব নেকি S-500 বায়ু প্ৰতিৰক্ষা ব্যৱস্থা? জানক ইয়াৰ বিশেষত্ব...

এছ-৪০০

Published: 

13 May 2025 15:08 PM

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতৰ অপাৰেশ্যন সেন্দূৰত সহায় কৰিছিল ৰাছিয়াৰ এয়াৰ ডিফেন্স চিষ্টেম S-400। ই এক বহুস্তৰীয়, বহু-লক্ষ্য আৰু মহাকাশ-ৰক্ষা সক্ষম প্ৰতিৰক্ষা ব্যৱস্থা (Air defence system) । ভাৰত-পাকিস্তানৰ সংঘাতত S-400 বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ভাৰতৰ ঢাল হিচাপে থিয় দিছিল। বৰাক ৮ আৰু থলুৱা আকাশী ক্ষেপণাস্ত্ৰৰ সৈতে লগ হৈ ই পাকিস্তানী ক্ষেপনাস্ত্ৰক ধ্বংস কৰিছিল। আজি প্ৰায় প্ৰতিগৰাকী ভাৰতীয় S-400 সন্দৰ্ভত জ্ঞাত।

ইয়াৰ মাজতে শেহতীয়াকৈ ৰাছিয়াই বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ব্যৱস্থাৰ উন্নত সংস্কৰণ নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ দিছে। যোৱা কেইবাবছৰত ৰাছিয়াই ভাৰতক প্ৰায় দুই-তিনিবাৰ এই অফাৰ দিছে। ৰাছিয়াই ভাৰতক S-500 বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে। কেৱল ক্ৰয়ৰ ক্ষেত্ৰত এই অফাৰ সীমাবদ্ধ নহয়, ইয়াত প্ৰযুক্তি হস্তান্তৰৰ প্ৰস্তাৱো সন্নিবিষ্ট হৈছে।

S-500 বায়ু প্ৰতিৰক্ষা ব্যৱস্থা

কেৱল মাত্ৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বুলি কৈ S-500 ক তুচ্ছজ্ঞান কৰা হ’ব। ই এক মল্টীলেয়াৰ্ড, মল্টী টাৰগেট আৰু স্পেচ কেপাবল চিষ্টেম, যিয়ে শত্ৰুৰ চেলেলাইট, ফাইটাৰ জেট, ক্ৰুজ আৰু হাইপাৰছ’নিক মিছাইলক বাধা দিব পাৰে। ইয়াৰ ৬০০ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ আৰু এক্স’-এটম’স্ফিয়াৰ ইন্টাৰচেপচন ক্ষমতাই ইয়াক বিশ্বৰ আটাইতকৈ উন্নত প্ৰতিৰক্ষা ব্যৱস্থা কৰি তোলে।

এইবাৰ ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত ভাৰতে S-400 এয়াৰ ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰিছে। S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ ক্ষমতা বিশ্ববাসীয়ে দেখিছে।  কিন্তু চীনৰ হাইপাৰছ’নিক মিছাইল আৰু পাকিস্তানৰ পাৰমাণৱিক ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি এছ-৫০০ৰ প্ৰয়োজনীয়তা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। দিল্লী, মুম্বাই, কৌশলগত স্থান আদি সুৰক্ষিত কৰাৰ বাবে এছ-৫০০ৰ দৰে ব্যৱস্থাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি।

এই ক্ষেত্ৰত ৰাছিয়াই কেৱল ভাৰতত গ্ৰাহক হিচাপে বিচৰা নাই। এই ক্ষেত্ৰত দেশখনে ভাৰতক অংশীদাৰ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি এই ক্ষেত্ৰত ভাৰতে আগ্ৰহ প্ৰকাশ কৰে তেন্তে ভাৰত S-500 ক্ৰয় কৰা প্ৰথমখন বিদেশী ৰাষ্ট্ৰ হ’ব। কিন্তু এই ক্ষেত্ৰত CAATSA ৰ অধীনত আমেৰিকাৰ পৰা হেঁচা লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত। আমেৰিকাই এই হেঁচা এছ-৪০০ ক্ৰয়ৰ সময়তো দিছিল। উল্লেখ কৰা প্ৰয়োজন যে, S-500 অনুমানিক দাম ৪ ৰ পৰা ৫ আৰৱ ডলাৰ প্ৰতি ইউনিট হ’ব।

ইতিমধ্যে ভাৰত ৰাছিয়াৰ এছ-৪০০ ট্ৰাইমফ ব্যৱস্থাৰ প্ৰধান ব্যৱহাৰকাৰী। পৰৱৰ্তী সময়ত যদি এই চুক্তি আগবাঢ়ে , লগতে ভাৰতে ইয়াক ক্ৰয় আৰু সহ-নিৰ্মাণৰ কামত আগবাঢ়ি যায়, তেন্তে ভাৰত বিশ্বৰ আটাইতকৈ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সহ-উৎপাদন আৰু সহ-বিকাশৰ অংশীদাৰ হ’ব ।

বিশেষত্ব কি

S-500 “Prometey” বা “Samoderzhets” নামেৰে জনাজাত। ই ৰাছিয়াৰ নতুন প্ৰযুক্তিৰ এযাৰ ডিফেন্স চিষ্টেম। ইয়াৰ বিশেষত্বসমূহৰ ভিতৰত আছে-

  • হাইপাৰছ’নিক মিছাইল ৰোধ কৰাৰ ক্ষমতা।
  • ৬০০ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ
  • একেলগে একাধিক লক্ষ্য নিৰীক্ষণ
  • চেটেলাইট আৰু কম উচ্চতাৰ ড্ৰোন অনুসৰণ কৰাৰ ক্ষমতা

যদি এই প্ৰস্তাৱ ভাৰতে গ্ৰহণ কৰে, তেন্তে ভাৰত কেৱল প্ৰযুক্তিগতভাৱে উন্নত হোৱাই নহয়, “মেক ইন ইণ্ডিয়া”ৰ অধীনত প্ৰতিৰক্ষা উৎপাদনেও নতুন গতি লাভ কৰিব। ইয়াৰোপৰি ইয়াৰ দ্বাৰা ভাৰতীয় বায়ুসেনা আৰু স্থলসেনাৰ বায়ু প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি পাব।

সূত্ৰ অনুসৰি জানিব পৰা  মতে,ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিষয়টো সন্দৰ্ভত বিচাৰ কৰি আছে। যদি এই প্ৰস্তাৱ ভাৰতে মানি লয় তেন্তে ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী হৈ পৰিব। সমান্তৰালকৈ ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা হৈ পৰিব অভেদ্য।

 

অন্য খবৰ পঢ়কঃ সাম্ভাব্য পাৰমাণৱিক যুদ্ধ আমি ৰোধ কৰিছো, ইয়াক লৈ মই গৌৰৱান্বিতঃ ট্ৰাম্প

হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!