প্ৰতি টোপাল তেজৰ প্ৰতিশোধ ল’ম, ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হওক: ভাৰতলৈ কঠোৰ সকীয়নি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

Shehbaz Sharif on Operation Sindoor : দেশবাসীক সম্বোধন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে ভাৰতে মঙলবাৰে নিশা কৰা ভুলৰ বাবে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।

প্ৰতি টোপাল তেজৰ প্ৰতিশোধ লম, ভয়াৱহ পৰিণতিৰ সন্মুখীন হবলৈ সাজু হওক: ভাৰতলৈ কঠোৰ সকীয়নি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে

Published: 

08 May 2025 13:16 PM

পাকিস্তানত প্ৰৱেশ কৰি বহু সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে ভাৰতে। “অপাৰেশ্যন সেন্দূৰ”ৰ জৰিয়তে পহলগামত হেৰুওৱা সেন্দূৰৰ প্ৰতিশোধ ল’লে ভাৰতে। ইফালে সন্ত্ৰাসবাদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ ওপৰত বৃহৎ আক্ৰমণৰ সকীয়নি দিছে। বুধবাৰে নিশা তেওঁ দেশবাসীক সম্বোধন কৰে। তাত তেওঁ কয় যে, এই আক্ৰমণৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।

ভাৰতৰ প্রতিশোধৰ পাছৰ পৰাই বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান৷ বিমান আক্ৰমণৰে  সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে সন্ত্ৰাসবাদীৰ ৯টা ঘাটি। এই আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে জৰুৰী সভাৰ আহ্বান জনায়। তাৰ পিছত দেশবাসীক সম্বোধন কৰি তেওঁ কয়, “যোৱা নিশা ভাৰতে কৰা ভুলৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।” শ্বৰীফে লগতে কয়, “ভাৰতে পাকিস্তানৰ সাৰ্বভৌমত্বক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ইয়াৰ প্ৰতিশোধ লোৱা হ’ব। নিৰীহ শ্বহীদৰ প্ৰতিটো টোপাল তেজৰ প্ৰতিশোধ লোৱা হ’ব। ভাৰতে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হোৱা উচিত।”

ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তেওঁলোকে ৫খন ভাৰতীয় যুদ্ধ বিমান ধ্বংস কৰিছে। অৱশ্যে এই সন্দৰ্ভত তেওঁ কোনো প্ৰমাণ দিব নোৱাৰিলে। ভাৰতেও এই বিষয়ত কোনো বক্তব্য দিয়া নাই। তথাপিও শ্বাহবাজ শ্বৰীফে মিছাৰ আশ্ৰয় লৈ কয়, “মঙলবাৰে নিশা আমি দেখুৱালোঁ যে আত্মৰক্ষাৰ ক্ষেত্ৰত পাকিস্তানে প্ৰত্যুত্তৰ জনাব পাৰে। নিয়ন্ত্ৰণ ৰেখাত এঘণ্টা ধৰি গুলীচালনাৰ হৈছিল। পাকিস্তানী পাইলটসকলে নিজৰ আকাশমাৰ্গৰ ভিতৰৰ পৰাই শত্ৰুৰ বিমান ধ্বংস কৰিছিল।”

এই সকলোবোৰৰ মাজতে আকৌ এবাৰ কাশ্মীৰক লৈ ডাঙৰ ডাঙৰ মন্তব্য প্ৰদান কৰিছে পাকিস্তানে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি জম্মু-কাশ্মীৰ বিতৰ্কিত ভূখণ্ডক লৈ যেতিয়ালৈকে একো পদক্ষেপ লোৱা নহয়, তেতিয়ালৈকে তেনেকৈয়ে থাকিব। ভাৰতে নিজৰ স্বাৰ্থত যিমানেই সিদ্ধান্ত নলওক কিয়, তেওঁলোকে বাস্তৱক সলনি কৰিব নোৱাৰে।”

 

লগতে পঢ়ক:  ষ্ট্ৰাইকক লৈ সন্তুষ্ট নহয়! পহলগাম আক্ৰমণত কপাল উকা হোৱা পত্নীয়ে উত্থাপন কৰিলে এই দাবী…

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...