ভাৰতক ভয় কৰিছে নেকি পাকিস্তানে? অপাৰেচন সেন্দূৰকলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মন্তব্য
কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সামৰিক সংঘাতৰ সময়ত ভাৰতৰ সৈতে পাৰমাণৱিক সংঘৰ্ষৰ সম্ভাৱনা নুই কৰে। তেওঁ কয় যে দেশখনৰ পাৰমাণৱিক অস্ত্ৰ কেৱল আত্মৰক্ষা আৰু শান্তিৰ বাবেহে।

অপাৰেচন সেন্দূৰকলৈ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মন্তব্য
পাকিস্তানত ৰাজনৈতিক অস্থিৰতাক লৈ অহৰহ জল্পনা-কল্পনা চলি আছে। ক্ষমতা সলনিৰ সম্ভাৱনাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা সংঘাতৰ সময়ত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ সম্ভাৱনা নুই কৰে। তেওঁ কয় যে দেশৰ পাৰমাণৱিক কাৰ্যসূচী (Nuclear Programme) “শান্তিপূৰ্ণ কাৰ্যকলাপ আৰু আত্মৰক্ষা”ৰ বাবে।
শনিবাৰে ৰাজধানী ইছলামবাদত পাকিস্তানী ছাত্ৰ-ছাত্ৰীৰ এটা দলক সম্বোধন কৰি এই মন্তব্য কৰে শ্বৰীফে। মে’ মাহত চাৰিদিনীয়া সামৰিক সংঘাতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্বৰীফে কয় যে ভাৰতৰ সামৰিক আক্ৰমণত ৫৫জন পাকিস্তানী সাধাৰণ নাগৰিক নিহত হৈছে। অৱশ্যে তেওঁ এই কথা জোৰ দি কয় যে, পাকিস্তানে এই আক্ৰমণৰ প্ৰতি সম্পূৰ্ণ শক্তিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি
সংঘাতৰ সময়ত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে সোধাত প্ৰধানমন্ত্ৰী শ্বৰীফে কয় যে, ‘পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচী কেৱল শান্তিপূৰ্ণ উদ্দেশ্য আৰু দেশৰ প্ৰতিৰক্ষাৰ বাবেহে, আক্ৰমণৰ বাবে নহয়।
ভাৰত আৰু পাকিস্তানৰ মাজত এই সামৰিক সংঘাত আৰম্ভ হৈছিল ২২ এপ্ৰিলত। জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল ভাৰতে।
অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই যোৱা ৭ মে’ত জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ মূল দুৰ্গ হিচাপে বিবেচিত বাহাৱালপুৰকে ধৰি ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে এই আক্ৰমণ কৰিছিল।
মুনিৰৰ ৰাষ্ট্ৰপতি হোৱাৰ উচ্চাকাংক্ষা ভিত্তিহীন: শ্বৰীফ
আনহাতে, আজিকালি পাকিস্তানত সম্ভাৱ্য নেতৃত্বৰ পৰিৱৰ্তনৰ অহৰহ উৰাবাতৰি চলি আছে। অহৰহ উৰাবাতৰিৰ মাজতে ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে পদত্যাগ কৰিব পাৰে আৰু সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে ৰাষ্ট্ৰপতি পদ দখল কৰিব বিচাৰিছে বুলি কৰা দাবী প্ৰধানমন্ত্ৰী শ্বৰীফে নাকচ কৰে।