মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতৰ সৈতে হোৱা যুদ্ধৰ মাত্ৰ দুদিনতে আত্মসমৰ্পণ কৰিছে পাকিস্তানে। ভাৰতক জোঁকাই বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান। শ্বেয়াৰ বজাৰ তীব্ৰভাৱে হ্ৰাস পোৱাত আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা তাৎক্ষণিকভাৱে ঋণ বিচাৰিছে চৰকাৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফ
ভাৰতৰ সৈতে যুদ্ধ পাকিস্তানৰ বাবে বোজা হৈ পৰিছে। যুদ্ধৰ মাত্ৰ দুদিনতে অৱনতি ঘটিছে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ। যাৰ বাবে আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভিক্ষা বিচাৰিবলৈ বাধ্য হৈ পৰিছে। বৃহস্পতিবাৰে পুৱা পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ (@eadgop) অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু বিশ্ব বেংকৰ পৰা তাৎক্ষণিক ঋণ বিচাৰি এটা গুৰুত্বপূৰ্ণ টুইট পোষ্ট কৰা হয়।
চৰকাৰী টুইটটোত কোৱা হৈছে, ” শত্ৰুপক্ষই কৰা বৃহৎ লোকচানৰ পিছত পাকিস্তান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ ওচৰত অধিক ঋণৰ বাবে আবেদন জনাইছে। যুদ্ধ বৃদ্ধি পোৱা আৰু মজুত হ্ৰাস পোৱাৰ মাজতে আমি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক উত্তেজনা হ্ৰাস কৰাত সহায় কৰিবলৈ আহ্বান জনাইছো। জাতিটোক দৃঢ়তাৰে থাকিবলৈ আহ্বান জনোৱা হৈছে।”
Govt of Pakistan appeals to International Partners for more loans after heavy losses inflected by enemy. Amid escalating war and stocks crash, we urge international partners to help de-escalate. Nation urged to remain steadfast. @WorldBank #IndiaPakistanWar #PakistanZindabad
— Economic Affairs Division, Government of Pakistan (@eadgop) May 9, 2025
পাকিস্তানৰ এই দাবীৰ পিছত সমগ্ৰ বিশ্বতে ইয়াৰ সমালোচনা আৰম্ভ হৈছে। অৱশ্যে ৰয়টাৰৰ বাতৰি অনুসৰি তেওঁলোকৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক্স একাউণ্ট হেক কৰা বুলি কৈছে পাকিস্তানে। মন্ত্ৰালয়ে ৰয়টাৰক জনায় , “আমি টুইটাৰ (এক্স) বন্ধ কৰাৰ কাম কৰি আছো। ইয়াৰ বাহিৰেও স্পষ্ট কৰা হ’ল যে এই টুইটৰ লগত আমাৰ কোনো সম্পৰ্ক নাই।”
এই টুইটটোৱে স্পষ্টভাৱে ইংগিত দিয়ে যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতত পাকিস্তানে বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। একে সময়তে তেওঁলোকৰ শান্তিৰ আবেদনে দেখুৱাইছে যে ভাৰতীয় প্রতিশোধমূলক আক্রমণত ভাঙি পৰিছে তেওঁলোকৰ সেনাবাহিনী ৷ বিশ্লেষকসকলৰ মতে এই টুইটটোৱে পাকিস্তানৰ অসহায় পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিছে, য’ত মাত্ৰ দুদিনৰ ভিতৰতে পাকিস্তানে বিশ্বব্যাপী সহায় বিচাৰিছে।
ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধৰ ভাবুকি
যোৱা ৭ মে’ৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। দুয়ো পক্ষই ইজনে সিজনৰ ওপৰত নিক্ষেপ কৰিছে ৰকেট আৰু ড্ৰ’ন। তাৰ পিছত বহু বিমান সেৱা বাতিল কৰা হৈছে আৰু সীমান্ত অঞ্চল খালী কৰা হৈছে। শুকুৰবাৰে ভাৰতীয় সেনাই জনোৱা মতে, ভাৰতীয় বায়ু প্ৰতিৰক্ষাৰ দ্বাৰা বিফল কৰা হৈছে বৃহস্পতিবাৰে নিশা পাকিস্তানে সংঘটিত কৰা আক্ৰমণ ।